গুৱাহাটী, 18 মে': ৰাজ্যত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ বিসংগতি এতিয়াও যেন দূৰ হোৱা নাই । খাদ্য সুৰক্ষা আঁচনিৰ অধীনত চৰকাৰে দিয়া ৰেচন কাৰ্ডৰ নামতো সংঘটিত হৈছে ব্যাপক বিসংগতি । এই সময়ছোৱাত প্ৰায় 1 লাখ ভুৱা ৰেচন কাৰ্ডৰ তথ্য ফাদিল হোৱা বুলি জানিব পৰা গৈছে ।
ইয়াৰ মাজতে চৰকাৰে ৰেচন কাৰ্ড বিতৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো শুদ্ধ কৰি তুলিবলৈ আৰ্নেষ্ট এণ্ড য়ং (ENY) নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক দায়িত্ব দিয়ে । কিন্তু সেই প্ৰক্ৰিয়াও ৰহস্যজনকভাৱে আধাতে স্থবিৰ হৈ পৰে বুলি সূত্ৰই জানিবলৈ দিয়ে ।
লগতে পঢ়ক: ভয়াৱহ পৰিস্থিতিত ঈদ উদযাপন কৰিব পৰা নাযাব!