ETV Bharat / state

ARTFED: মৃত্যুৰ ক্ষণ গণিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আর্টফেডে

বিজেপি চৰকাৰৰ দিনত এটাৰ পাচত আনটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ক্ৰমাৎ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৷ অসম চৰকাৰৰ চূড়ান্ত অনীহাৰ ফলত এতিয়া আর্টফেডেও মৃত্যুৰ ক্ষণ গণিছে ৷

pathetic condition of artfed
মৃত্যুৰ ক্ষণ গণিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আর্টফেডে
author img

By

Published : Jul 22, 2023, 3:16 PM IST

গুৱাহাটী, 22 জুলাই : কেন্দ্ৰীয় তথা ৰাজ্যিক বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ উন্নয়নৰ বাবে চৰম অৱহেলা কৰি অহা বহু সময়ত পৰিলক্ষিত হৈ আহিছে ৷ যাৰ বাবে বিজেপি চৰকাৰৰ দিনত এটাৰ পাচত আনটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ক্ৰমাৎ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৷

অসম আয়ুৰ্বেদিক প্ৰডকাষ্টক শেহতীয়াকৈ ব্যক্তিগত খণ্ডক লীজত দিয়াৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ দৰেই অসম চৰকাৰৰ চূড়ান্ত অনীহাৰ ফলত এতিয়া আর্টফেডেও মৃত্যুৰ ক্ষণ গণিছে ৷ প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলে আজি প্ৰায় 17 মাহ ধৰি প্ৰাপ্য মাহিলী দৰমহাৰপৰা বঞ্চিত হৈ অহিছে ৷

তদুপৰি নলবাৰী, গুৱাহাটীৰ বৰাগাঁও আৰু বামুণীমৈদামস্থিত উৎপাদন কেন্দ্ৰসমূহতো দীর্ঘদিন ধৰি উৎপাদন প্ৰায় বন্ধ হৈ আছে ৷ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিগত প্ৰায় পাঁচটা দশক ধৰি অহৰহ প্ৰচেষ্টা চলাই অহা প্ৰতিষ্ঠানটোৰ বৰ্তমান অৱস্থা থৰক বৰক ৷ উল্লেখ্য যে বিভাগীয় মন্ত্ৰীৰ লগতে ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ গা এৰা দিয়াৰ মনোভাৱৰ ফল ভুগিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে ৷

বর্তমান আর্টফেডৰ ব্যৱসায় প্ৰায় শূন্য হৈ পৰিছে ৷ ক্ৰমাৎ মৃত্যুৰ ক্ষণ গণিছে প্ৰতিষ্ঠানটোৱে ৷ যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰপৰাই প্ৰতিষ্ঠানটোৰ 150 ৰো অধিক কৰ্মচাৰী দৰমহাৰপৰা বঞ্চিত হৈ আছে ৷ যাৰ ফলত কৰ্মচাৰীসকলৰ পৰিয়াল পোহপাল দিয়াটো কঠিন হৈ পৰিছে ৷ নাম প্ৰকাশত অনিচ্ছুক একাংশ কৰ্মচাৰীয়ে ইয়াৰ বাবে আৰ্টফেডৰ কর্তৃপক্ষক জগৰীয়া কৰিছে ৷

প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়কে ধৰি শাখাসমূহত কৰ্মৰত কৰ্মচাৰীসকলে অভিযোগ তুলিছে যে আর্টফেডৰ এগৰাকী স্থায়ী পৰিচালন সঞ্চালক নিযুক্তি দিয়াৰ লগতে প্ৰতিষ্ঠানটোক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ কোনো সুস্পষ্ট নীতি নাই ৷ প্ৰতিষ্ঠানটোৰ উৎপাদন কেন্দ্ৰকেইটা একপ্ৰকাৰ বন্ধ হৈ থকাৰ লগতে ৰাজ্যখনৰ লগতে কলকাতা আৰু দিল্লীৰ বিপণীকেইটাও বর্তমান নিষ্ক্ৰিয়৷ মহানগৰীত থকা বিপণীকেইটাতো বিক্ৰী একেবাৰে সেৰেঙা ৷

উল্লেখ্য যে, সোণোৱাল চৰকাৰৰ দিনতে আৰম্ভ কৰা জিলাসমূহত থকা সূতা ভঁৰালসমূহো বৰ্তমান মৃতপ্ৰায় ৷ কেৱল মুখ্যমন্ত্ৰীৰ নিজা সমষ্টিৰ শুৱালকুছিত ছিল্কৰ সূতা যোগান ধৰাৰ বাহিৰে বাকী সূতা ভঁৰালসমূহত এতিয়া ৰেহাই মূল্যত সূতা পোৱা নাই শিপিনী-বোৱনীসকলে৷ যাৰ ফলত আর্টফেডৰ প্ৰতি ৰাজ্যবাসীৰ আস্থা আৰু বিশ্বাসো ক্ৰমাৎ নাইকিয়া হ’বলৈ ধৰিছে ৷

লগতে পঢ়ক: Artifical flood in Guwahati : নলাৰ অব্যৱস্থাপনাৰ ফলত গুৱাহাটীত কৃত্ৰিম বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.