ETV Bharat / state

কাৰাবন্দীৰ মৃত্যুৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

author img

By

Published : Nov 11, 2021, 8:45 PM IST

১৫ দিনৰ ভিতৰত সমাপ্ত কৰি অসম মানৱ অধিকাৰ আয়োগক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ । গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি মানৱ অধিকাৰ আয়োগৰ জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলা দণ্ডাধীশে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।

Order for investigation into the death of a prisoner
কাৰাবন্দীৰ মৃত্যুৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

গুৱাহাটী, ১১ নৱেম্বৰ : গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি মানৱ অধিকাৰ আয়োগৰ জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলা দণ্ডাধীশে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে । গুৱাহাটী ভঙাগৰস্থিত অসম মানৱ অধিকাৰ আয়োগৰ উপ-পঞ্জীয়কে কামৰূপ মহানগৰ জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰিছিল জাননী । উল্লেখ্য যে, তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘপ বান্দ্ৰামাৰি গাঁৱৰ কলেশ্বৰ ৰহি দাস নামৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী এজনক উন্নত চিকিৎসাৰ বাবে ৮ জুলাইত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়খনৰ আই চি ইউ(ICU)ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে ৩ অক্টোবৰত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । জিলাখনৰ মহকুমা দণ্ডাধীশ ত্ৰিদিপ ৰয়ক এই সমগ্ৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পন কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশ বিশ্বজিৎ পেগুৱে । সমগ্ৰ ঘটনাৰ তদন্ত ১৫ দিনৰ ভিতৰত সমাপ্ত কৰি অসম মানৱ অধিকাৰ আয়োগক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক : বালি মাফিয়াৰ দপ দপনিৰ নীৰৱ দৰ্শকৰ ভূমিকা লৈছে নেকি বন বিভাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.