ETV Bharat / state

2020 বৰ্ষৰ সাহসী বঁটা প্ৰদান - non government organization sahashi conferred sahashi award 2020

সংবাদ মাধ্যমৰ লগতে সমাজৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা সকলক বে-চৰকাৰী সংস্থা সাহসীয়ে প্ৰদান কৰিলে 2020 বৰ্ষৰ সাহসী বঁটা ৷ মুঠ 25 গৰাকী ব্যক্তিলৈ সাহসীৰ এই বিশেষ সন্মান ৷ 4 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সাহসীয়ে সংবাদকৰ্মী সকলক উৎসাহিত কৰাৰ বাবে এই বঁটা প্ৰদান কৰে ৷

sahashi award 2020
2020 বৰ্ষৰ সাহসী বঁটা প্ৰদান
author img

By

Published : Dec 7, 2020, 7:33 AM IST

গুৱাহাটী, 7 ডিচেম্বৰ: 4 বছৰত ভৰি দিলে বে-চৰকাৰী সংস্থা সাহসীয়ে ৷ চাৰি বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সংস্থাটোৱে সমাজৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা লোকসকলক 2020 বৰ্ষৰ সাহসী বঁটা প্ৰদানেৰে উৎসাহিত কৰে ৷

দেওবাৰে অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে সংস্থাটোৱে বিশেষকৈ সংবাদ মাধ্যমত সেৱা আগবঢ়াই অহা সংবাদকৰ্মী সকলক এই বিশেষ সন্মানেৰে সন্মানিত কৰে ৷ সমাজৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ভিন্ন ক্ষেত্ৰৰ মুঠ 25 গৰাকী ব্যক্তিক সাহসীয়ে শৰাই, মানপ্ৰত্ৰ, জাপি, ট্ৰফীসহ 2020 বৰ্ষৰ সাহসী বঁটা প্ৰদান কৰে ৷

দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী, আৰক্ষী বিষয়া মুকুল শইকীয়া প্ৰমূখ্যে সমাজৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, বে-চৰকাৰী সংস্থাটোৰ মূল হোতা তৃষ্ণা নাথৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই সংস্থাই জন্মৰে পৰাই সমাজৰ নিষ্পেষিত আৰু শোষিতজনৰ হকে যুঁজ দি আহিছে ৷

লগতে পঢ়ক: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে সত্যৰঞ্জন বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.