গুৱাহাটী, 13 এপ্ৰিলঃ কৰ'ণাৰ ভয়াৱহতাই ম্লান কৰিছে অসমীয়াৰ চেনেহৰ ৰঙালী বিহুটিৰ আনন্দ । লক ডাউনত আৱদ্ধ প্ৰতিগৰাকী লোকেই এইবেলি যুঁজ দিছে কৰ'ণাৰ বিৰুদ্ধে । ৰঙালীৰ এনে সময়ত এতিয়া নিজম হৈ ৰৈছে মহানগৰীৰ মাদাৰ বৃদ্ধাবাসো । পূৰ্বতে বিহুৰ দিনটোত এই আবাসৰ আইতাসকলে বিহুনাম গাই ফূৰ্তি কৰিছিল । যোৱা বৰ্ষতো কেইবাগাকীও শিল্পীৰ স'তে গীত গাই, নাচি তেওঁলোকে উদযাপন কৰিছিল ৰঙালী বিহু । কিন্তু আজি তেওঁলোকৰ মাজত নাই পূৰ্বৰ সেই উচাহ ৷ তাৰ পৰিৱৰ্তে কৰ'ণাৰ পৰা সকলোকে সাৱধানে থকিবলৈ আহ্বান জনালে বৃদ্ধাৱাসটোৰ আইতাসকলে ।
লগতে পঢ়কঃ উদাসীনতাৰ মাজতে ৰাইজৰ মুখলৈ হাঁহি অনাৰ চেষ্টা প্ৰশান্ত ফুকনৰ