ETV Bharat / state

MVI on action in Guwahati : যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান গুৱাহাটীত ! - pillion riders to wear helmet in Guwahati

আইন উলংঘাকাৰী দুচকীয়া, চাৰিচকীয়া বাহনৰ বিৰুদ্ধে গণেশগুৰীত পৰিবহণ বিভাগৰ অভিযান(MVI on action in Guwahati) ৷ ইতিমধ্যে, ৰুজু কৰা হৈছে ৩৩ টাকৈ গোচৰ ৷

multiple case registered in guwahati under Motor Vehicles Act
যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান গুৱাহাটীত !
author img

By

Published : Nov 30, 2021, 10:03 PM IST

গুৱাহাটী , ৩০ নৱেম্বৰ : কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লব গোপাল ঝাই ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে(DC Kamrup metro Pallav Gopal Jha) । বিশেষকৈ, দুৰ্ঘটনা সংঘটিত হলেও যাতে চালক-আৰোহীৰ জীৱন ৰক্ষা পৰে তাৰ বাবে দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে ৷

ইয়াৰ লগতে, চাৰিচকীয়া বাহনৰ চালক তথা যাত্ৰী উভয়ে ছিটবেল্ট ব্যৱহাৰ কৰে তাক নিশ্চিত কৰিবলৈ আৰু আইন ভংগ কৰা বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক (District transport officer ) নিৰ্দেশ দিয়া হৈছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে মঙলবাৰে জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ), হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰীৰ জি এছ ৰোডত ( শংকৰদেৱ পথ ) এক আকস্মিক অভিযান চলায় ।

multiple case registered in guwahati under Motor Vehicles Act
যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান গুৱাহাটীত !

অভিযান কালত দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান নকৰা আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা বহু কেইটা ঘটনা ধৰা পেলোৱা হয়(Pillion riders to wear helmet in Guwahati) । এই সন্দৰ্ভত মটৰ পৰিবহণ আইন(Motor Vehicles Act)ৰ অধীনত মুঠ ৩৩ টা গোচৰ ৰজু কৰা হয় ।

জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে, মটৰ পৰিবহণ আইন ভংগ কৰা তথা দুচকীয়া বাহনৰ চালক আৰু পাছত বহি যোৱা আৰোহীয়ে হেলমেট পৰিধান নকৰা , চাৰিচকীয়া বাহনৰ চালক-আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা সকলৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ এই অভিযান আগন্তক দিনত চলি থাকিব ।

লগতে পঢ়ক : Gauhati University Election: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সমাপ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.