ETV Bharat / state

হিতেশ দেৱ শৰ্মাক NRCৰ মুখ্য সমন্বয়ক হিচাপে মানি ল'ব পৰা নাই সাংসদ আব্দুল খালেকে !!

author img

By

Published : Nov 13, 2019, 5:30 PM IST

হিতেশ দেৱ শৰ্মাৰ এন আৰ চিৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতাৰে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সংবাদমেল ৷ ৰাজনৈতিক দলক সমৰ্থন কৰি এন আৰ চিৰ বিৰুদ্ধে বিতৰ্কিত আৰু আপত্তিজনক ফেচবুক পোষ্ট দিয়া বিষয়াৰ নিযুক্তি বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান সাংসদ গৰাকীৰ ৷

সাংসদ আব্দুল খালেকৰ সংবাদমেল

গুৱাহাটী, 13 নৱেম্বৰঃ " মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে নহ'লে হিতেশ দেৱ শৰ্মাৰ দৰে এজন বিষয়াক এন আৰ চিৰ সমন্বয়ক হিচাপে নিযুক্তি নিদিলেহেঁতেন ৷" বুধবাৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে সংবাদ মেল সম্বোধন কৰি হিতেশ দেৱ শৰ্মাক এন আৰ চিৰ নতুন মুখ্য সমন্বয়ক হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ বৰ্তমানৰ বিজেপি চৰকাৰখন এখন ব্যৰ্থ চৰকাৰ বুলি প্ৰতীক হাজেলাৰ বদলিয়ে প্ৰমাণ কৰিছে বুলিও ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে খালেকে । ৰাজ্য চৰকাৰে হাজেলাৰ বদলিৰ পৰিৱৰ্তে নিৰাপত্তাৰ ব্যৱস্থাহে কৰিব লাগিছিল বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷

সাংসদ আব্দুল খালেকৰ সংবাদমেল

সংবাদমেলত সাংসদ গৰাকীয়ে আৰু কয় যে, প্ৰতীক হাজেলাই এন আৰ চিৰ কাম যথেষ্ট আগবঢ়াই নিছিল ৷ কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাৰ উত্তৰসুৰী হিচাপে যি গৰাকী বিষয়া নিযুক্তি দিছে তাৰ পৰা জানিব পাৰি যে এখন শুদ্ধ এন আৰ চি হোৱাতো ৰাজ্য চৰকাৰে নিবিচাৰে । ইমানেই নহয়, ৰাজ্য চৰকাৰে নিযুক্তি দিয়া বিষয়াজনে এন আৰ চিৰ বিৰুদ্ধে বহুতো বিতৰ্কিত আৰু আপত্তিজনক ফেচবুক পোষ্ট দিয়াৰ তথ্য আছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ।

লগতে এজন চৰকাৰী বিষয়াই ৰাজনৈতিক দলক ৰাজহুৱাভাৱে সমৰ্থন কৰি ফেচবুক পোষ্ট দিব পাৰে নেকি বুলিও প্ৰশ্ন কৰে বৰপেটাৰ সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন বিৰ্তকিত সাংবাদিকক সমৰ্থন কৰি হিতেশ দেৱ শৰ্মাই পোষ্ট দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে ৷ উল্লেখ্য যে, সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ মুখ্যমন্ত্ৰীক পত্ৰ প্ৰদান কৰি হিতেশ দেৱ শৰ্মাক এন আৰ চিৰ মুখ্য সমন্বয়ক হিচাপে নিযুক্তি প্ৰদান নকৰিবলৈ দাবী জনাইছে বুলি জানিবলৈ দিছে । চিঠি খনত ৰাজ্যৰ শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আৰু শুদ্ধ এন আৰ চিৰ স্বাৰ্থত হিতেশ দেৱ শৰ্মাৰ নিযুক্তি বাতিল কৰিবলৈ উল্লেখ কৰিছে বুলি মন্তব্য কৰে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশাবাদী সাংসদ গৰাকী ৷

বৰপেটাৰ সাংসদ আব্দুল খালেকে আজি এক সংবাদমেল অনুষ্ঠিত কৰি হিতেশ দেৱ শৰ্মাক এন আৰ চিৰ সম্বনয়ক হিচাপে নিযুক্তি দিয়াৰ বোৰোধীতা কৰিছে।  

 সংবাদমেলত বৰপেটাৰ সাংসদ গৰাকীয়ে কয় প্ৰতীক হাজেলাই এন আৰ চিৰ কাম যথেষ্ট পৰিমাণে আগবঢ়াই নিছিল। এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিছে যদিও ইয়াৰ একাংশ প্ৰকৃত ভাৰতীয় আছে। তালিকাখনত বিদেশীৰ নামো অন্তৰ্ভুক্ত হৈছে। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। 

শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাৰ উত্তৰসুৰী হিচাপে যিগৰাকী বিষয়া নিযুক্তি দিছে তাৰ পৰা জানিব পাৰি যে এখন প্ৰকৃত এন আৰ চি হোৱাতো ৰাজ্য চৰকাৰে নিবিচাৰে। ৰাজ্য চৰকাৰে নিযুক্তি দিয়া বিষয়াজনে বহুতো বিতৰ্কিত আৰু আপত্তিজনক ফেচবুক পোষ্ট দিছে। এজন চৰকাৰী বিষয়াই এনে ফেচবুক পোষ্ট দিব পাৰে নেকি বুলিও প্ৰশ্ন কৰে বৰপেটাৰ সাংসদ গৰাকীয়ে। 
 আব্দুল খালেকে আজি মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ গৈ মুখ্যমন্ত্ৰীক এখন চিঠি প্ৰদান কৰি হিতেশ দেৱ শৰ্মাক এন আৰ চিৰ সম্বনয়ক হিচাপে নিযুক্তি প্ৰদান নকৰিবলৈ দাবী জনাইছে। ৰাজ্যৰ শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ, শুদ্ধ এন আৰ চি পাবলৈ হিতেশ দেৱ শৰ্মাৰ নিযুক্তি বাতিল কৰিবলৈ চিঠিখনত উল্লেখ কৰিছে আব্দুল খালেকে। খালেকে আশা প্ৰকাশ কৰিছে যে মুখ্য মন্ত্ৰীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।

অৰ্ণব গোস্বামী এজন বিতৰ্কিত সাংবাদিক আৰু তেওঁৰ সমৰ্থনত  হিতেশ দেৱ শৰ্মাই পোষ্ট দিছে। সংবিধানৰ নিয়ম অনুসৰি এনেদৰে ৰাজনৈতিক দলক ৰাজহুৱাভাৱে  সমৰ্থন কৰিলে এই বিষয়া জন চৰকাৰী বিষয়া হৈ থাকিব নোৱাৰে বুলিও মন্তব্য কৰে আব্দুল খালেকে। হিতেশ দেৱ শৰ্মা এন আৰ চি প্ৰক্ৰিয়াৰ বিৰোধীতাৰে ফেচবুক পোষ্ট কৰিছে।  খালেকে বৰ্তমানৰ বিজেপি চৰকাৰখনক ধৃতৰাষ্ট্ৰ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি হিতেশ দেৱ শৰ্মাৰ দৰে এজন বিষয়ক ব এন আৰ চিত নিযুক্তি দিছে বুলিও কয় খালেকে। 

বৰ্তমানৰ বিজেপি চৰকাৰখন এখন ব্যৰ্থ চৰকাৰ বুলি প্ৰতীক হাজেলাৰ বদলিয়ে প্ৰমাণ কৰিছে বুলিও ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে খালেকে। ৰাজ্য চৰকাৰখনে হাজেলা নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিল বুলিও মন্তব্য প্ৰকাশ কৰে বৰপেটাৰ সাংসদ গৰাকীয়ে। 

Slug : Abdul Khaleque PC
Sent through Live U 3G 10
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.