নিউজ ডেস্ক, 28 ডিচেম্বৰ : মিজোৰামৰ জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱসত এখন মুখপত্ৰ উন্মোচন কৰে জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সঞ্চালক চি. লালথানমবিয়াই ৷

এম. পি. এছে কয় যে, 1972 চনৰ 1 চেপ্টেম্বৰত অসমৰ 14 জন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক লৈ আইজল অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা কৰা হৈছিল ৷ মিজোৰামৰ অগ্নি নিৰ্বাপক বাহিনী 1992 চনৰ 17 আগষ্টত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক শাখা হিচাপে স্থাপন কৰা হৈছিল ৷ যাৰ পাছতে 2008 চনত গৃহ বিভাগৰ অধীনত পুৰ্ণাংগ ৰূপে নিৰ্দেশালয় স্থাপন কৰা হয় ৷ মিজোৰামত বৰ্তমান 14 টাকৈ অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ আছে ৷ যাৰ ভিতৰত পাঁচটাকৈ কেন্দ্ৰ কেৱল ৰাজধানী আইজলতে আছে ৷ তদুপৰি আইজলৰ বিভিন্ন স্থানত 43 টাকৈ ফায়াৰ হাইড্ৰেট্স আছে ৷

সমাৰোহত অংশগ্ৰহণ কৰি চি. লালথানমবিয়াই কয় যে, " মিজোৰামৰ জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তেওঁলোকৰ উৎকৃষ্ট কৰ্মৰ বাবে ৰাষ্ট্ৰীয় স্তৰত সন্মান লাভ কৰাৰ বাবে মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছো ৷ তেওঁলোকৰ 48 বৰ্ষ জোৰা মিজোৰামবাসীলৈ আগবঢ়াই অহা এই সেৱাৰ বাবে ৰাইজে তেওঁলোকৰ প্ৰশংসা কৰাৰ লগতে গৌৰৱ অনুভৱ কৰে ৷ "
লগতে পঢ়ক: বিগত 8 দিনে অব্যাহত আছে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ