ETV Bharat / state

অৱশেষত পিঞ্জৰাবদ্ধ হ'ল মালিগাঁৱত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী - Leopard caged at Maligaon

বুধবাৰে নিশা ছাগলী ভক্ষণ কৰিবলৈ আহি আৱদ্ধ হ'ল মালিগাঁও আদিংগিৰিত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটো। নাহৰফুটুকীটো চাবলৈ নিশা যথেষ্ট লোকৰ সমাগম হয় অঞ্চলটোত ৷

Leopard caged at Maligaon
মালিগাঁৱত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
author img

By

Published : Aug 26, 2020, 9:26 AM IST

Updated : Aug 26, 2020, 10:00 AM IST

গুৱাহাটী, 26আগষ্টঃ অৱশেষত নিশা মালিগাঁও আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰফুটুকী । বিগত কিছুদিন ধৰি নাহৰফুটুকীটোৱে চলাই আছিল আতংক । যোৱা শুকুৰবাৰে নাহৰফুটুকীটোৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশু । তাৰ পিছতেই গুৱাহাটী সংমণ্ডল বনাঞ্চলিক বিষয়া (RANGER) পংকজ কলিতাৰ নেতৃত্বত খানামুখ আৰু ফঁটাশিল বনবিভাগৰ লগতে মালিগাঁও গোশালা আৰক্ষীৰ সহযোগত শনিবাৰে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰিছিল বন বিভাগে ।

মালিগাঁৱত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ইপিনে বন বিভাগৰ সেই ফাণ্ডত বুধবাৰে নিশা ছাগলী ভক্ষণ কৰিবলৈ আহি আৱদ্ধ হ'ল নাহৰফুটুকীটো। নাহৰফুটুকীটো চাবলৈ নিশা যথেষ্ট লোকৰ সমাগম হয় অঞ্চলটোত । ইফালে বন বিভাগৰ চিকিৎসক দল আৰু চিৰিয়াখানাৰ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰে যদিও ট্ৰেংকুলাইজ নকৰাকৈ গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যাবলৈ সক্ষম হয় । নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়কঃ বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ পিচতে প্ৰতিক্ৰিয়া বিশ্ব হিন্দু পৰিষদৰ

Last Updated : Aug 26, 2020, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.