ETV Bharat / state

আকাশবাণীৰ সেই চিনাকী কণ্ঠৰ গৰাকী কুল বৰুৱা আৰু নাই...

author img

By

Published : Feb 25, 2021, 12:30 PM IST

Updated : Feb 25, 2021, 2:02 PM IST

অসমৰ সাংস্কৃতিক জগতখনত কেইবা দশক ধৰি নিজস্ব শৈলীৰে সুকীয়া আসন দখল কৰা কুল বৰুৱা আৰু নাই । বুধবাৰে নিশা ১১.৪৫ বজাত শিলপুখুৰীস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ।

legendary singer kula boruah passed away
আকাশবাণীৰ সেই চিনাকী কণ্ঠৰ গৰাকী কুল বৰুৱা আৰু নাই...

গুৱাহাটী,25 ফেব্ৰুৱাৰী: অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট শিল্পী কুল বৰুৱাৰ দেহাৱসান । বুধবাৰে নিশা ১১.৪৫ বজাত স্ব-গৃহতে ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই । বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা শিল্পী গৰাকীৰ শিলপুখুৰীস্থিত বাসগৃহত অসংখ্য অনুৰাগী উপস্থিত হৈ কণ্ঠশিল্পী গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব ।

বিশিষ্ট সংগীত শিল্পীগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব । পদযাত্ৰাৰে শেষকৃত্যৰ বাবে নশ্বৰ দেহ অনা হ‘ব নৱগ্ৰহলৈ । বিশিষ্ট গায়ক, সংগীতজ্ঞ আৰু সংগীত পৰিচালক কুল বৰুৱাৰ বিয়োগত এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে । তদুপৰি বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে ।

উল্লেখ্য যে, ১৯৩৮ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী কুল বৰুৱাই স্কুলত পঢ়ি থকা কালতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল। ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰা প্ৰখ্যাত শিল্পীগৰাকীৰ কেইটিমান জনপ্ৰিয় গীত হৈছে ‘তেনেকৈ নেচাবা আজলি ছোৱালী’, ‘মই যেন এটা বাটৰুৱা’, ‘জুমি জুমি চোৱা তুমি’ ইত্যাদি। ইয়াৰোপৰি তেওঁ সেন্দূৰ, সাদৰী, বৃষ্টি প্ৰভাতী পখীৰ গান আদিৰ চলচ্চিত্ৰত নেপথ্য গায়ক ৰূপেও কণ্ঠদান কৰিছে ।

লগতে পঢ়ক: বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

Last Updated : Feb 25, 2021, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.