ETV Bharat / state

Mount Kanchenjunga Expedition-2023: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰিলে মাউণ্ট কাঞ্চনজংঘা অভিযান ২০২৩

author img

By

Published : Apr 7, 2023, 10:22 PM IST

‘মাউণ্ট কাঞ্চনজংঘা অভিযান - ২০২৩’ শুভাৰম্ভ কৰিলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Draupadi Murmu) । শুকুৰবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আয়োজিত এক অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । এই অভিযান সফল হ’বই বুলি মন্তব্য কৰে দ্ৰৌপদী মুৰ্মুৱে (Launch of Mount Kanchenjunga Expedition-2023) ।

Launch of Mount Kanchenjunga Expedition-2023
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰিলে মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩

গুৱাহাটী,৭ এপ্ৰিল: কাঞ্চনজংঘালৈ অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা ‘মাউণ্ট কাঞ্চনজংঘা অভিযান - ২০২৩’ ৰ শুক্ৰবাৰে দেশৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰে (Launch of Mount Kanchenjunga Expedition-2023) । অসম ভ্ৰমণলৈ অহা দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে আৰু অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ্ এক্স বেটন আৰু অভিযানৰ পতাকা অৰ্পণ কৰে ৷

এই অভিযানৰ শুভাৰম্ভ কৰি মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে, প্ৰকৃতিৰ এক সুন্দৰ সৃষ্টি হ’ল কাঞ্চনজংঘা (Kanchenjunga is a beautiful creation of nature) । এই কাঞ্চনজংঘা পৰ্বতাৰোহণ অভিযানৰ প্ৰাকমুৰ্হূতত পৰ্বতাৰোহীসকলক আশীৰ্বাদ দিয়াৰ সুযোগ পাই তেওঁ নিজকে ভাগ্যশালী বুলি অভিহিত কৰে আৰু অভিযানৰ সফলতা কামনা কৰে । এই অভিযান সফল হ’বই বুলি মন্তব্য কৰি তেওঁ এই সফলতাই ভৱিষ্যতে অন্যান্য পৰ্বতাৰোহীসকলকো প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Governor Gulab Chand Kataria), মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়া, অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান- ২০২৩ৰ সৈতে জড়িত বিষয়ববীয়াসকলো ৷ অনুষ্ঠানৰ আৰম্ভণিতে এই অভিযানৰ ‘চীফ দ্য মিছন’ৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় ৷

ইয়াৰ পিছতে পৰ্বতাৰোহণ অভিযানৰ মুখ্য আহ্বায়ক সত্যেন শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ হাতত অভিযানৰ স্মাৰক অৰ্পণ কৰে ৷ এই অভিযান উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰ নাথ মহন্তই ৷ উল্লেখ্য যে এই অভিযানৰ সম্পূৰ্ণ ব্যয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে বহন কৰিছে ৷

কাঞ্চনজংঘা অভিযানকাৰী সাতজনীয়া দলটোৰ নেতৃত্ব বহন কৰিছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী মানস বৰুৱাই ৷ উপ দলনেতাৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী ৷ দলটোৰ অন্য সদস্যসকল হ’ল উপেন চক্ৰৱৰ্তী (যুটীয়া উপ দলনেতা), কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ ৷

দলটোৱে অহা ১১ এপ্ৰিলত গুৱাহাটীৰ পৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰিব ৷ আনহাতে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হ’ব ৷ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্ৰেকিং কৰিব ৷ দলটো অহা ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হ’ব ৷ বেছ কেম্পৰপৰা ছামিট কেম্পলৈ চাৰিটা কেম্প অতিক্ৰম কৰাৰ পাছত দলটোৱে অহা ১৩–১৮ মে’ৰ ভিতৰত শিখৰ আৰোহণৰ চূড়ান্ত প্ৰচেষ্টা চলাব ৷

লগতে পঢ়ক: Rangali Bihu 2023: পাথৰ কুৱেৰীৰ বহাগী উৎসৱৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.