ETV Bharat / state

উপ-নিৰ্বাচনতে থানবান হ’ল ঐক্যৱদ্ধ বিৰোধীৰ ফৰ্মূলা ! - ৰাইজৰ দল

উপ-নিৰ্বাচন(By Election)তে যেন স্পষ্ট হৈ পৰিল বিৰোধী দল(Opposition Party)সমূহৰ ভুৱা মিত্ৰতাৰ ছবিখন ৷ বিজেপি(BJP)ক প্ৰতিহত কৰাটোৱেই আছিল ঐক্যৱদ্ধ বিৰোধীৰ মূল লক্ষ্য ৷ মূলতঃ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন(By Election)ৰ পূৰ্বেই এই কথা স্পষ্ট হৈ পৰিল । কিয়নো প্ৰতিটো বিৰোধী দলে একেলগ হোৱাৰ পৰিৱৰ্তে নিজ নিজ দলৰ পৰা একোগৰাকীকৈ নেতাক প্ৰাৰ্থিত্ব দিছে ৷

united-opposition-parties-strategy-against-bjp-has-flopped-in-assam
উপ-নিৰ্বাচনতে থানবান হ’ল ঐক্যৱদ্ধ বিৰোধীৰ ফৰ্মূলা
author img

By

Published : Oct 8, 2021, 1:33 PM IST

গুৱাহাটী, 8 অক্টোবৰ : মুখেৰে আখৈ ফুটা দি বিৰোধী ঐক্যৰ কথা কৈ থাকিলেও কাৰ্যতঃ কোনো এটা বিৰোধী দলে(Opposition Party)ই যে একেলগ হৈ বিজেপি(BJP) দলক প্ৰতিহত কৰাতো নিবিচাৰে সেই কথা হাতে-কামে প্ৰমাণ কৰি দেখুৱালে বিৰোধীয়ে । মূলতঃ আগন্তুক পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন(By Election)ৰ পূৰ্বেই এই কথা স্পষ্ট হৈ পৰিল ।

কংগ্ৰেছ(Congress), এ আই ইউ ডি এফ(AIUDF), বাওঁ দলসমূহ, অসম জাতীয় পৰিষদ(AJP) আৰু ৰাইজৰ দল(Raijor Dal)য়ে বিগত সময়চোৱাত বাৰম্বাৰ সুকীয়াকৈ মন্তব্য কৰি আহিছিল যে, আগন্তুক উপ-নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ হ’লে বিৰোধী শক্তিসমূহ একলগ হ’বই লাগিব ।

পিছে সেয়া যে কেৱল মুখৰ কথাহে আছিল, ভিতৰি যে কোনো এটা দলেই একেলগে যুঁজ দিয়াতো নিবিচাৰে সেয়া এতিয়া স্পষ্ট হৈ পৰিল । ইয়াৰ ফলস্বৰূপে শাসকীয় বিজেপি দল যথেষ্ট উৎফুল্লিত হৈ পৰিছে । এক কথাত পাঁচোটা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধীয়ে বিজেপিক ৱাক অভাৰ(Walk Over) দিবলৈ সাজু হৈছে বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব ।

এফালৰ পৰা যদি এই পাঁচটা সমষ্টিৰ শেহতীয়া ৰেহ-ৰূপ চোৱা যায়, তেন্তে দেখা যাব থাওৰা সমষ্টিত প্ৰথমে বিৰোধীৰ ভোট বিভিন্ন ধৰণে বিভাজিত হ’ব । কিয়নো ৰাইজৰ দলৰ ধাৰাবাহিক দাবী স্বত্বেও কংগ্ৰেছে এই সমষ্টিটো এৰি নিদিলে আৰু নিজাববীয়াকৈ মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব দিলে । ৰাইজৰ দলেও ঘোষণা কৰিছে যে, থাওৰাত তেওঁলোকৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰ ।

ইফালে বিধায়ক অখিল গগৈ(Akhil Gogoi)ৰ হৈ দীৰ্ঘদিনে আদালতত যুক্তি প্ৰদৰ্শন কৰি অহা অধিবক্তা কৃষ্ণ গগৈক চি পি আই(CPI)য়ে থাওৰাত প্ৰাৰ্থিত্ব দিছে । গতিকে, সাতে পাচে মিলি থাওৰাত লাভাৱাম্বিত হ’ব বিজেপি । ঠিক একে অৱস্থা হ’ব মৰিয়নী সমষ্টিতো । মৰিয়নীত কংগ্ৰেছ আৰু ৰাইজৰ দল উভয়ৰে প্ৰাৰ্থী থাকিব ।

আনহাতে, ভৱানীপুৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়ো দলৰে প্ৰাৰ্থী নামিব উপ-নিৰ্বাচনত । তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিতো অনুৰূপ পৰিস্থিতি । ফলত এই পাঁচটা সমষ্টিতে বিজেপিয়ে অনায়াসে বিজয়মালা পিন্ধিলেও আচৰিত হ’বলগীয়া একো নাথাকিব ।

এইক্ষেত্ৰত অৱশ্যে কৌশলী ৰাজনীতিত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ । পাঁচটা সমষ্টিৰ এটাতো দলটোৱে উপ-নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাতো নিশ্চিত হৈছে । ইয়াৰ বিপৰীতে কেৱল মাজুলীৰ উপ-নিৰ্বাচনতহে অৱতীৰ্ণ হ’ব অসম জাতীয় পৰিষদ । মাজুলীত ইতিমধ্যে কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিছে ।

লগতে পঢ়ক : আগন্তুক পৌৰসভা-নগৰ সমিতিৰ নিৰ্বাচনক লৈ তৎপৰ অগপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.