ETV Bharat / state

Rabha Divas 2023 : মহানগৰীৰ বিভিন্ন প্ৰান্তত সৈনিক শিল্পীক স্মৰণ

author img

By

Published : Jun 20, 2023, 4:20 PM IST

ৰাজ্যজুৰি পালন কৰা হৈছে বিষ্ণু ৰাভা দিৱস। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনসমূহে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰিছে ।

Kolaguru Bishnu Prasad Rabha Divas observed in Guwahati
মহানগৰীৰ বিভিন্ন প্ৰান্তত সৈনিক শিল্পীক স্মৰণ

গুৱাহাটী, ২০ জুন: আজি অৰ্থাৎ ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম স্মৃতি দিৱস ৷ আজিৰ দিনটোত ৰাজ্যজুৰি পালন কৰা হৈছে বিষ্ণু ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ৰাভা দিৱস পালন কৰিছে । অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনসমূহে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰিছে ।

মহানগৰীৰ খাৰঘুলিত খাৰঘুলি যুৱ উন্নয়ন সংঘ আৰু খাৰঘুলি উন্নয়ণ সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হৈছে । দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতাৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়।

সোমবাৰে সমূহীয়া শ্ৰমদানেৰে পৰিৱেশ পৰিস্কাৰ আৰু গছপুলি ৰোপণ, দুপৰীয়া ২ বজাত ৰাভা সংগীতৰ প্ৰচাৰৰ পিচত সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ’ব ৷ ইয়াৰ পিচতে বিষ্ণু ৰাভা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা চক্ৰত তৰেণ বড়ো, জুনু বৰা , সুজিত শৰ্মা , পংকজ বৰঠাকুৰ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব। আলোচনা চক্ৰখনৰ পাছত ৰাভা সংগীত , নৃত্য , আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷

আনহাতে ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিটিৰ উদ্যোগত আৰু নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্বন গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত গুৱাহাটী আৰ্টিষ্ট গীল্ড বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। সৈনিক শিল্পীগৰাকীৰ গীত কবিতা আৰু কথাৰে পালন কৰা হয় ।
ইপিনে বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক ৰাইজ বিশেষকৈ নৱ প্ৰজন্মৰ কাষলৈ লৈ যোৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷

সেই অনুসৰি সোমবাৰৰ পৰা জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টি দিছপুৰ, জালুকবাৰী, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীত ভ্ৰাম্যমান বাহনেৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ চিৰযুগমীয়া গীতসমূহ পৰিৱেশনৰ ব্যৱস্থা কৰা হয় ৷

ইফালে ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলা উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। মহানগৰীৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত পালন কৰা ৰাভা দিৱসৰ কাৰ্যসূচীত সাংসদ কুইন ওজাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Bishnu Prasad Rabha : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম মৃত্যু দিৱসত পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ সৈতে বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.