গুৱাহাটী,২৩ জানুৱাৰী : ''অসমৰ ৰাইজে লাহে লাহে বুজি উঠিছে যে অসমখন প্ৰকৃততে কাৰ হাতত সুৰক্ষিত । আজি অসমৰ ভূ-সম্পদ কৰোবাৰ পৰিয়ালে দখল কৰিছে আৰু কাৰোবাক গতাই দিব বিচৰা হৈছে । অসমৰ ভূ-সম্পদৰ ওপৰত চাৰিওফালৰ পৰা লুণ্ঠন আৰম্ভ হৈছে । অসমৰ সীমা সংকুচিত কৰাৰ ষড়যন্ত্র কৰা হৈছে । অসমীয়া ভাষাৰ ক্ষেত্রখন সংকুচিত কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে চৰকাৰ । '' এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত (Joining Program at Rajiv Bhawan) অংশ গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এইদৰে কয় । তেওঁ কয় যে চৰকাৰখনৰ কাৰ্যকলাপত অসমৰ ৰাইজ ক্ষুণ্ণ হৈছে । দেওবাৰে বিজেপিৰ কিছু সংখ্যক নেতাই কংগ্ৰেছত যোগদান কৰে । এয়া মাত্র আৰম্ভণি বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে ইতিমধ্যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচন সমূহত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাটোৱে ভৱিষ্যতৰ আশাৰ ইংগিত দিছে ।
তেওঁৰ মতে নৱপ্ৰজন্ম আজি কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে । উল্লেখ্য যে দেওবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা যোগদান কাৰ্যসূচীত বিজেপিৰ ১৮ গৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে । তেওঁলোকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও কেইবাগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত আদৰণী জনায় ।
যোগদান কৰা সকলৰ ভিতৰত আছে শিৱসাগৰ জিলাৰ বিজেপিৰ জ্যেষ্ঠ নেতা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা । কংগ্ৰেছত যোগদান কৰা বিজেপিৰ আন সদস্যসকল ক্ৰমে অচিন্ত শইকীয়া, উজ্জল হাজৰিকা, আব্দুল টাৰিক, বছিউৰ ৰহমান, উপেন বৰগোহাঁই, মাইণ্ট ভাগৱতী, পংকজ গগৈ, পূর্ণ দাস, জুলফিকৰ আলী, ইমতিয়াজ আহমেদ, দ্বিজয় দাস, গুঞ্জন দত্ত, মুন চৌধুৰী, মুকুট কলিতা, বিশ্বজিৎ চৌধুৰী, ৰমেন দাস আৰু দীপ কলিতা ।
লগতে পঢ়ক :ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি : বিধায়ক জয়ন্ত মল্ল বৰুৱা