ETV Bharat / state

ৰাজ্যত বৰ্তমানলৈকে বিনিয়োগ হৈছে 57,437 কোটি টকা: সোণোৱাল - বিনিয়োগ

বিশ্ব বিনিয়োগ সন্মিলনৰ পিছত বহিৰাগত কোম্পানীৰ দ্বাৰা অসমত বিনিয়োগ বৃদ্ধি হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ৰাজ্যত বৰ্তমানলৈকে বিনিয়োগ হৈছে 57,437 কোটি টকা : সোণোৱাল
author img

By

Published : May 29, 2019, 5:32 PM IST

গুৱাহাটী,29 মে' : বিশ্ব বিনিয়োগ সন্মিলনৰ পিছত ৰাজ্যত বৰ্তমানলৈকে বিনিয়োগ হৈছে 57,437 কোটি টকা। তদুপৰি ইতিমধ্যে প্ৰায় 15,925 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ বিভিন্ন পৰ্যায়ত আছে। জনতা ভৱনত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বৈঠকত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমত বৰ্তমান পতঞ্জলী,ডাবৰ,ইমামি, হিন্দুস্তান ইউনিলিভাৰ,আই টি চি,ব্ৰিটেনিয়া আদিয়ে বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে। একেদৰে ঔষধ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যত কাম আৰম্ভ কৰিছে বহুকেইটা কোম্পানীয়ে।

বৈঠকত উপস্থিত থাকি "ইজ টু ডুইং বিজনেছ" উত্তৰণৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগক বিশেষ কৰ্ম আঁচনি হাতত ল'বলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ লগতে অসমত "নেচনেল বেম্ব' মিছন" ৰূপায়ণৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Intro:গুৱাহাটী, 29 মে': বিশ্ব বিনিয়োগ সন্মিলনৰ পিছত ৰাজ্যখনত বৰ্তমানলৈকে 57,437 কোটি টকা বিনিয়োগ হৈছে। তদুপৰি প্ৰায় 15,925 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ বিভিন্ন পৰ্য্যায়ত আছে। জনতা ভৱনত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৈঠকত উপস্থিত থাকি উদ্যোগ আৰু বানিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অসমত বৰ্তমান পতঞ্জলি, ডাবৰ, ইমামি, হিন্দুস্তান ইউনিলিভাৰ, আই টি চি, ব্ৰিটেনিয়া আদিয়ে বানিজ্যিক উৎপাদন আৰম্ভ কৰিছে। একেদৰে ঔষধ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যত কাম আৰম্ভ কৰিছে বহুকেইটা কোম্পানীয়ে।

Body:বৈঠকত মুখ্যমন্ত্ৰীয়ে " ইজ টু ডুইং বিজিনেছ " উত্তৰণৰ বাবে উদ্যোগ আৰু বানিজ্য বিভাগক বিশেষ কৰ্ম আঁচনি হাতত লবলৈও নিৰ্দেশ দিয়ে।

Conclusion:বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমত " নেচনেল বেম্ব' মিছন " ৰূপায়ণৰ অগ্ৰগতিৰো বুজ লয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.