গুৱাহাটী, ৬ ছেপ্টেম্বৰ : দেশৰ নাম সলনিক লৈ ব্যাপক চৰ্চা আৰু বিতৰ্ক অব্যাহত থকাৰ সময়তে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বিশেষকৈ কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰ আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্য সন্দৰ্ভত বুধবাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
হিমন্ত বিশ্ব শৰ্মাই কয় যে শশী থাৰুৰ মন্তব্য অৰ্ধসত্য । শশী থাৰুৰে কি কৈছে সেয়া গুৰুত্বপূৰ্ণ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ ঋষি-মুনিসকলে পাঁচ হাজাৰ বছৰ পূৰ্বে আমাৰ দেশৰ নাম ভাৰত ৰাখিছিল । পানী ঘোলা কৰিবৰ বাবে মহম্মদ জিন্নাই কি কৈছিল তাক জনাৰ আমাৰ দৰকাৰ নাই । তেওঁ কয় যে আমাৰ মহাপুৰুষ সকলে আমাৰ দেশক ভাৰত হিচাপেই নামাকৰণ কৰিছিল ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও ইণ্ডিয়াৰ নাম লোৱা নাছিল বুলি সদৰী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৰুজনাই দেখুৱাই যোৱা ৰাস্তা আমি কিয় এৰি দিম । উচ্চতম ন্যায়ালয়েও ভাৰত নাইবা ইণ্ডিয়া বুলি ক’ব পাৰে বুলি কৈছে । সংবিধানেও ভাৰতকে ইণ্ডিয়া কৈছে । তেওঁ লগতে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যদি নতুন সংসদ ভৱন নিৰ্মাণ কৰিব পাৰে তেন্তে ভৱিষ্যতে নতুন ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণ নকৰিব পাৰে বুলি কেনেকৈ ক‘ব পাৰি ।
কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে গ্যেৰাণ্টি দিব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে এটা এটাকৈ ক'লনিয়েল লিগেচি নাইকিয়া কৰা হৈছে । কেতিয়াবা নতুন ৰাষ্ট্ৰপতি ভৱন হ’ব পাৰে বুলি তেওঁ প্ৰসংগত উল্লেখ কৰে । হিন্দু ধৰ্মৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যাৰ আদিও নাই আৰু অন্তও নাই সেয়াই সনাতন । সনাতন ধৰ্মৰ আদি আৰু অন্ত কোনেও ক'ব নোৱাৰে ।
লগতে পঢ়ক : INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা