ETV Bharat / state

শৃংখলাৰ তৃতীয়খন টি-20 খেলৰ বাবে গুৱাহাটীত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল - Barsapara stadium in Guwahati

গুৱাহাটীত উপস্থিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল ৷ মঙলবাৰে বৰ্ষাপাৰাত শৃংখলাৰ তৃতীয়খন টি-20 মেচত অৱতীৰ্ণ হ’ব দল দুটা ৷

Indian Cricket team in Guwahati
Indian Cricket team in Guwahati
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 6:58 PM IST

গুৱাহাটীত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল

মিৰ্জা, 27 নৱেম্বৰ: সোমবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল দুটা । কেৰালাৰ পৰা দুয়োটা দলে বিশেষ বিমানযোগে একেলগে আহি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয় । বিমান বন্দৰত দুয়োটি দলৰ ক্ৰিকেটাৰসকলক চাবলৈ ভিৰ কৰে অনুৰাগীসকলে । বিমান বন্দৰৰ পৰা পোনে পোনে কটকটীয়া নিৰাপত্তাৰে দুয়োটা দলকে লৈ যোৱা হয় ৰেডিছন ব্লু আৰু তাজ ভিভান্টালৈ ।

মঙলবাৰে অনুষ্ঠিত হ'ব দুয়োটা দলৰ মাজত টি-২০ শৃংখলাৰ তৃতীয়খন খেল । এই শৃংখলাটোত ইতিমধ্যে ভাৰতে ২-০ ৰ ব্যৱধানত আগবাঢ়ি আছে । আষ্ট্ৰেলিয়াৰ বাবে গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ’বলগা খেলখনত বিজয়ী হোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

উল্লেখ্য যে এদিনীয়া বিশ্বকাপ 2023 ৰ অন্ত পৰাৰ পিচতেই আৰম্ভ হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখনীয়া টি-20 শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন খেল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন খেল অনুষ্ঠিত হয় কেৰালাৰ তিৰুৱনন্তপুৰমত ৷ তৃতীয়খন খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৷

ইতিমধ্যে ভাৰতে এই শৃংখলাৰ দুখন মেচত জয়লাভ কৰিছে ৷ বৰ্ষাপাৰাত জয়লাভ কৰিছে শৃংখলা দখল কৰিব ভাৰতে ৷ ইফালে অষ্ট্ৰেলিয়াক শৃংখলা দখলৰ বাবে এই খেলখনত জয়ী হোৱাটো অতি প্ৰয়োজন ৷ ভাৰত জয়ী হ’লে দুখন খেল বাকী থাকিব যদিও 3 খনত জয় লাভেৰে শৃংখলা দখল কৰিব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটোৱে ৷ আনহাতে যদি অষ্ট্ৰেলিয়া জয়ী হয় তেন্তে ভাৰতৰ হাতত আৰু দুটা সুযোগ থাকিব ৷

বিশ্বকাপৰ ফাইনেলত দুৰ্ভাগ্যজনক পৰাজয়ৰ পিচত ভাৰতৰ এইটো প্ৰথম শৃংখলা ৷ সেয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত জয়লাভ কৰাটো মনে-প্ৰাণে বিচাৰিছে ভাৰতীয় খেলুৱৈৰ লগতে সমৰ্থকেও ৷ ভাৰতীয় দলটো প্ৰায় সংখ্যক নতুন খেলুৱৈক লৈ ক্ৰীজত নমা দেখা গৈছে ৷

লগতে পঢ়ক: তিৰুৱন্তপুৰমত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20; 44 ৰাণত জয়লাভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.