ETV Bharat / state

অসম-মেঘালয় সীমা বিবাদ সৰ্ন্দভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Aug 6, 2021, 9:53 PM IST

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত শুকুৰবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ গ্ৰহণ কৰে কেতবোৰ সিদ্ধান্ত । বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে । ১২ টা বিবদমান এলেকাৰ প্ৰথম পৰ্যায়ত ৬ টা অঞ্চলৰ সমস্যা সমাধানৰ বাবে দুয়োখন চৰকাৰৰ যৌথ উদ্যোগ । দুয়োখন ৰাজ্যই গঠন কৰিব কমিটি ।

অসম-মেঘালয় সীমা বিবাদ সৰ্ন্দভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
অসম-মেঘালয় সীমা বিবাদ সৰ্ন্দভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,৬ আগষ্ট : অসম-মেঘালয় সীমা বিবাদ তথা সীমান্ত অঞ্চলৰ বিবাদমান ভূমি সন্দৰ্ভত সমাধানৰ পথ বিচাৰি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী পৰ্যায়ত গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় । সীমাকেন্দ্ৰিক সংঘাতৰ সমাধানৰ বাবে অনুষ্ঠিত কৰা বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা দ্বিতীয় লানি বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান এলেকাৰ সীমা সন্দর্ভত বিস্তৃত আলোচনা কৰা হয় ।

বৈঠকত মেঘালয়ৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে অসমৰ হৈ মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ইউ জি ব্ৰহ্মই অংশ গ্ৰহণ কৰে । আনহাতে গুৰুত্বপূৰ্ণ বৈঠকখনত দুয়োখন ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকল উপস্থিত আছিল । বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, দুয়োখন ৰাজ্যৰ পাৰস্পৰিক বন্ধুত্ব শক্তিশালী কৰাৰ স্বাৰ্থত ২৩ জুলাইত শ্বিলঙত অসম আৰু মেঘালয়ৰ মাজত প্ৰথমলানি বৈঠক অনুষ্ঠিত হৈছিল । আজি দ্বিতীয় লানি বৈঠক গুৱাহাটীত অনুষ্ঠিত হয় । বিশেষকৈ বৈঠকত অসম-মেঘালয় সীমান্তৰ ১২ টা বিবদমান অঞ্চলৰ প্ৰসংগত বিষদভাৱে আলোচনা কৰা হয় । প্ৰথমখন বৈঠকত মেঘালয়ে তেওঁলোকৰ দিশসমূহ উল্লেখ কৰিছিল । আজি অসম চৰকাৰে নিজৰ দিশসমূহ উল্লেখ কৰিছে । দুয়োখন ৰাজ্যৰ সীমান্তৰ ১২ টা এলেকাৰ বিবাদ একেলগে সমাধান কৰা সম্ভৱ নহয় । পৰ্যায়ক্ৰমে কৰা হ'ব ।

লগতে পঢ়কঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল চামতাৰ ৰাজদ্বীপৰ নাম

প্ৰথমে ৬ টা বিবদমান এলেকাৰ সমস্যা সামাধানৰ বাবেহে আগবঢ়া হ'ব । প্ৰথমে চিনাক্ত কৰা ৬ খন ঠাইৰ তিনিখন অসমৰ জিল‍াৰ আৰু তিনিখন মেঘালয়ৰ জিলাৰ । অসমৰ জিলাকেইখন হৈছে কাছাৰ জিলা, কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য । মেঘালয়ৰ ফালৰ পৰা জিলাকেইখন হৈছে পশ্চিম খাচী পাহাৰ, ৰিভয় জিলাৰ পিলিংকাটা আৰু পূৱ জয়ন্তীয়া পাহাৰ । বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি দুয়োখন ৰাজ্যই একোজনকৈ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত তিনিখনকৈ কমিটি গঠন কৰিব । এই কমিটি কেইখনে বিবাদমান সংশ্লিষ্ট এলেকা পৰ্যবেক্ষণ কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দিব ।

সেই প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যই সিদ্ধান্ত গ্ৰহণ কৰিব । সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, সীমা বিবাদৰ এই দীঘলীয়া সমস্যা সন্দৰ্ভত সমাধানৰ বাবে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে । ২৩ জুলাইত শ্বিলঙত আৰু আজি গুৱাহাটীত হোৱা বৈঠক গঠনমূলক আৰু ইতিবাচক দিশত আগবাঢ়িছে । বৈঠকৰ সিদ্ধান্ত অনুসৰি ১২ টা বিবদমান এলেকাৰ ভিতৰত প্ৰথমে ৬ টা বিবদমান অঞ্চলৰ সমস্যা সমাধানৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছে । দুয়োখন ৰাজ্যই নিজাববীয়াকৈ কমিটি গঠন কৰিব ।

প্ৰতিখন কমিটিত একোজনকৈ কেবিনেট মন্ত্ৰী থাকিব । কমিটিকেইখনে বিবাদমান অঞ্চলসমূহ যুটীয়াভাৱে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ ৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব । ৬ টা বিবদমান অঞ্চল হৈছে ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা আৰু ৰাতাচেৰা । পৰ্যায়ক্ৰমে দুয়োখন ৰাজ্যৰ সীমান্ত অঞ্চলৰ সমস্যা সমাধা কৰা হ'ব ।

লগতে পঢ়কঃ হাফলঙত গোপীনাথ বৰদলৈৰ স্মৃতিস্তম্ভ নিৰ্মাণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.