ETV Bharat / state

কেনেকৈ সম্ভব হ’ব বিজেপিৰ মিছন ১০০+ - কেনেকৈ সম্ভব

বিজেপিয়ে যদি ১০০+ ৰ লক্ষ্যত উপনীত হ’ব খুজিছে তেন্তে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত নিশ্চিত হ’ব লাগিব । ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই ৪৭ টা সমষ্টিৰ ভিতৰত ২০১৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৯ টা সমষ্টি । এই সমষ্টিকেইটা আছিল ক্ৰমে তিতাবৰ, শিৱসাগৰ, ডুমডুমা, নাজিৰা, মৰিয়নী, গোলাঘাট, চামগুৰি, সৰুপথাৰ আৰু ৰূপহীহাট ।

কেনেকৈ সম্ভব হ’ব বিজেপিৰ মিছন ১০০+
কেনেকৈ সম্ভব হ’ব বিজেপিৰ মিছন ১০০+
author img

By

Published : Mar 24, 2021, 5:05 PM IST

Updated : Mar 24, 2021, 6:11 PM IST

গুৱাহাটী,২৩ মাৰ্চঃ বিজেপি+, ১০০+ । নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বহু পূৰ্বৰে পৰাই বিজেপিয়ে আওৰাই আহিছে এই শ্ল'গান । বিজেপিৰ দাবী- এইবাৰ বিজেপি মিত্ৰজোঁটে এশৰো অধিক আসন লাভ কৰিব । কিন্তু কাৰ্যতঃ ভোটৰ পাটিগণিতে দেখুৱাইছে যে বিজেপিয়ে মিত্ৰদলসমূহক লগত লৈ এশৰো অধিক আসন লাভ কৰাৰ যি দাবী তুলি আহিছে সেয়া শুনিবলৈ ভাল হ'লেও বাস্তৱক্ষেত্ৰত গেৰুৱা দলটোৰ বাবে অত্যন্ত কঠিন হ’ব । কিয়নো অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব তিনিটা পৰ্যায়ত । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত যিকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব সেইকেইটাত অতি কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লাগিব বিজেপি । গেৰুৱা দলটোৰ বাবে এই প্ৰত্যাহ্বান আহিব কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ পৰা ৷

সেয়েহে বিজেপিয়ে যদি ১০০+ ৰ লক্ষ্যত উপনীত হ’ব খুজিছে তেন্তে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত নিশ্চিত হ’ব লাগিব । ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই ৪৭ টা সমষ্টিৰ ভিতৰত ২০১৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৯ টা সমষ্টি । এই সমষ্টিকেইটা আছিল ক্ৰমে তিতাবৰ, শিৱসাগৰ, ডুমডুমা, নাজিৰা, মৰিয়নী, গোলাঘাট, চামগুৰি, সৰুপথাৰ আৰু ৰূপহীহাট । ইয়াৰ উপৰিও ধিং আৰু নাওবৈচা লাভ কৰিছিল এআইইউডিএফে । ২০১৬ত বিজেপি মিত্ৰজোঁটে লাভ কৰা মুঠ আসনৰ সংখ্যা আছিল ৮৩ খন । অৰ্থাৎ ১০০+ ৰ লক্ষ্যত উপনীত হ’বলৈ বিজেপিক এইবাৰ অতিৰিক্তভাৱে আৰু ১৩ খন আসনৰ দৰকাৰ হ’ব ।

কেনেকৈ সম্ভব হ’ব বিজেপিৰ মিছন ১০০+

ক’ৰ পৰা আহিব এই ১৩ খন আসন ? দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত যিকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব তাৰে বেছিভাগতেই কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটে বিজেপিৰ বাবে প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰাটো নিশ্চিত । জন গাঁথনিগতভাৱে যিহেতু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বহুকেইটা সমষ্টি আজিৰ তাৰিখত বিজেপিৰ বাবে সূচল হৈ থকা নাই, সেয়েহে মিছন ১০০+ সফল কৰিবলৈ হ'লে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আটাইকেইটা সমষ্টিয়েই বিজেপিয়ে নিজৰ জমা বহীত আনিব পাৰিব লাগিব । ভোটৰ বিন্যাস আৰু জন গাঁথনিগতভাৱে ধিং, চামগুৰি আৰু ৰূপহীহাটক বাদ দি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সকলোবোৰ সমষ্টি এইবাৰ বিজেপিয়ে নিজৰ দখললৈ আগতীয়াকৈ আনি থব পাৰিলেহে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মহাজোঁটৰ পৰা হ’ব পৰা ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ’ব ।

বিশেষকৈ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এনে কেইটামান বিশেষ সমষ্টি আছে যিকেইটা ২০১৬ৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ঠিকেই, কিন্তু এইবাৰ পৰিৱেশ-পৰিস্থিতি একে নহয় । এই বিশেষ সমষ্টিকেইটা সম্প্ৰতি বিজেপিৰ দখলত থাকিলেও কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ জোঁটবন্ধনে সমীকৰণ ইতিমধ্যে সলাই পেলাইছে । এনে কেইটামান বিশেষ সমষ্টি হ'ল কাটিগড়া, বৰখলা, পূৱ বিলাসীপাৰা, উদাৰবন্দ, মঙলদৈ, বৰক্ষেত্ৰী, সৰভোগ, সোণাই, পাথাৰকান্দি আৰু গোলকগঞ্জ । এই সমষ্টিকেইটা যদি মহাজোঁটৰ প্ৰত্যাহ্বানৰ বাবে এইবাৰ বিজেপিয়ে হেৰুৱাবলগীয়া হয় তেন্তে সেই ক্ষতি গেৰুৱা দলটোৱে পূৰাব কেনেকৈ নাইবা মিছন ১০০+ ৰ লক্ষ্য পূৰণ হ’বই বা কেনেকৈ ৷ গতিকে সাম্ভাব্য এই বিপদৰ পৰা ৰক্ষা পাবলৈ বিজেপিয়ে আগৰে পৰাই নিশ্চিত হ’ব লাগিব যাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯৯ শতাংশ আসনেই তেওঁলোকৰ পক্ষত আহে । ২০১৬ত কংগ্ৰেছে লাভ কৰা ডুমডুমা, মৰিয়নী, তিতাবৰ, শিৱসাগৰ, নাজিৰা, গোলাঘাট, সৰুপথাৰ আদি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি বিজেপিয়ে নিজৰ দখললৈ আঁজুৰি আনিব পাৰিলেহে হয়তো সম্ভৱ হ’ব পাৰে বিজেপি+, ১০০+ মিছন ।

লগতে পঢ়কঃ কি কি আছে বিজেপিৰ 'সংকল্প পত্র'ত ?

Last Updated : Mar 24, 2021, 6:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.