ETV Bharat / state

Bharat Jodo Yatra: ভাৰত জোড়ো যাত্ৰাই দেশখন পুনৰ একত্ৰিত কৰিব বুলি মন্তব্য হীৰেণ গোহাঁইৰ

author img

By

Published : Nov 18, 2022, 8:02 PM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সভাত অংশগ্ৰহণ কৰিলে বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁয়ে(Hiren Gohain) ৷ সভাত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিলে চিন্তাবিদগৰাকীয়ে ৷

Bharat Jodo Yatra
ভাৰত জোড়ো যাত্ৰাই দেশখন পুনৰ একত্ৰিত কৰিব বুলি মন্তব্য হীৰেণ গোহাঁইৰ

গুৱাহাটী, 18 নৱেম্বৰ : "বি জে পিয়ে দেশখনক টুকুৰা-টুকুৰ‌ কৰিছে । দেশৰ মানুহৰ মাজত ভ্ৰাতৃত্ববোধ নোহোৱা কৰিছে’’ । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা, অসম উপলক্ষে গুৱাহাটীৰ চানমাৰি খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত সভাত বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁই এই মন্তব্য কৰে (Hiren Gohain at Bharat Jodo Yatra) ।

তেওঁ কয় যে বিজেপি দলে মানুহক জাতিৰ নামত ভাষাৰ নামত ভাগ কৰি আহিছে । বিজেপিয়ে দেশৰ ঐক্য সম্প্ৰীতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলাই আছে । উল্লেখ্য যে গুৱাহাটী দুদিন ধৰি চলি থকা ভাৰত জড়ো যাত্ৰা, অসমৰ পদযাত্ৰা চানমাৰি খেলপথাৰৰ পৰা শুকুৰবাৰে পুনৰ আৰম্ভ কৰি বোন্দা হৈ মৰিগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিছে ।

হীৰেন গোহাঁইয়ে কংগ্ৰেছৰ এই বিজেপি চৰকাৰ বিৰোধী পদযাত্ৰাক সমৰ্থন জনাই কয় যে, ‘‘এই যাত্ৰাই দেশখন পুনৰ একত্ৰিত কৰাত সহায় কৰিব । বিজেপিয়ে টুকুৰা টুকুৰ কৰা দেশখনলৈ এই যাত্ৰাই আশাৰ ৰেঙনি কঢ়িয়াই আনিব’’। বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয় যে বিজেপিৰ শাসনত হিন্দু মুছলমানৰ মাজত সংঘাত বৃদ্ধি পাইছে । ধনীসকল বেছি ‌ধনী হৈছে আৰু দুখীয়াসকল বেছি দুখীয়া হৈ গৈ আছে ।

বিশ্বৰ ভিতৰত ভাৰতত ভোকাতুৰ‌ মানুহৰ সংখ্যা বেছি বুলি উল্লেখ কৰি তেওঁ কয় যে, দেশত নিবনুৱা সমস্যা জটিল হৈছে । কেন্দ্ৰ আৰু ৰাজ্যৰ‌ মাজত দূৰত্ব বাঢ়ি গৈছে । তেওঁ কয়, ভাৰত অকল হিন্দু বা অকল মুছলমানৰ দেশ নহয়, ভাৰত‌ একেলগে হিন্দু মুছলমানৰ দেশ । হীৰেণ গোহাঁয়ে বিজেপি চৰকাৰক চয়তানৰ চৰকাৰ বুলি অভিহিত কৰি কয় যে বিজেপিৰ মাজত দেশপ্ৰেম নাই ।

বিজেপি দমন নীতি‌ আৰু ফাঁকিবাজ কৰি চৰকাৰ পৰিচালনা কৰা এটা দল বুলি মন্তব্য কৰে হীৰেণ গোহাঁয়ে । সভাত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং(Congress leader Jitendra Singh) আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(APCC president Bhupen Bora) আদি উপস্থিত আছিল । উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাৰ অংশ হিচাবে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা ভাৰত জোড়ো যাত্ৰা অসমৰ পদযাত্ৰা বৃহস্পতিবাৰে গুৱাহাটীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা হৈছিল ।

সোণাৰাম খেলপথাৰৰ(Sonaram Higher Secondary School Field) পৰা মহানগৰীৰ মাজমজিয়াৰে চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰলৈ উলিওৱা হৈছিল । উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা ১ নৱেম্বৰত ধুবুৰীৰ গোলকগঞ্জত আৰম্ভ কৰা পদযাত্ৰাই ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ (গ্ৰাম্য) জিলা অতিক্ৰম কৰিছে আৰু বিগত ১৫ দিনত প্ৰায় ১৬০ কিল'মিটাৰ বাট পদব্ৰজে অতিক্ৰম কৰিছে ।

এই “ভাৰত জোড়ো যাত্ৰৈা-অসম”এ পর্যায়ক্ৰমে মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় হৈ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিব আৰু শদিয়াত এই যাত্ৰাৰ সামৰণি মাৰিব ।

লগতে পঢ়ক : TMC Protest : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, NPS বাতিলৰ দাবীত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.