ETV Bharat / state

আগন্তুক 10 দিনত উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা

author img

By

Published : Aug 11, 2021, 4:07 PM IST

বাৰিষাৰ শেষৰজাক মৌচুমীৰ আগমনে অহা দহ দিনলৈ প্ৰভাৱিত কৰিব অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ৷ ১৪ আগষ্টলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণৰ জাননী ৷

Ass_ghy_01_heavy_rain_script_7209235
আগন্তুক 10 দিনলৈ উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা

গুৱাহাটী, 11 আগষ্ট : বুধবাৰে বিয়লিৰ পৰা নেৰানেপেৰা বৰষুণে বিঘ্নিত কৰিব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সাধাৰণ জীৱন যাত্ৰা । এই কথা ঘোষণা কৰিছে বতৰ বিজ্ঞান বিভাগে (Metrological Department) ৷ ইতিমধ্যে গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ সঞ্চালক সঞ্জয় অনিল শ্বাহে এই সন্দৰ্ভত প্ৰকাশ কৰিছে জাননী ৷

জাননী অনুসৰি মঙলবাৰে নিশাৰ ভাগৰ পৰাই বলা পূৱ মুখী মৌচুমী বতাহ জাকে অহা ১৪ আগষ্টলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণ আনিব । এই বৃষ্টিপাত পৰৱৰ্তী পাঁচ দিনলৈ অব্যাহত থাকিব ।

Ass_ghy_01_heavy_rain_script_7209235
বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী

উল্লেখ্য যে, এই বছৰ ৰাজ্যত বিগত বছৰবোৰৰ অনুপাতে বৰষুণৰ পৰিমান কম হোৱা বাবে অসমৰ কেইবাখনো জিলাত কৃষকসকল চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । চুবুৰীয়া ৰাজ্য অৰুণাচলতো বৰষুণৰ পৰিমাণ গড় পৰিমাণৰ চাৰি ভাগৰ এভাগলৈ হ্ৰাস পোৱা বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহত বাৰিষাৰ ঢল এতিয়াও অহা নাই ।

Ass_ghy_01_heavy_rain_script_7209235
বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী

বতৰৰ এই তাৰতম্যৰ ফলত ৰাজ্যখনৰ কৃষকে এইবাৰ বানৰ পৰা হাত সাৰি আছে যদিও খৰাং পৰিস্থিতিয়ে সকলোকে বিপদৰ আগজাননী দিছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা দহ‌ দিনত হ’ব লগা নিয়মীয়া আৰু মুষলধাৰ বৰষুণে বিগত মাহ কেইটাত সৃষ্টি হোৱা পানীৰ নাটনিক প্ৰভাৱিত কৰিব ।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰক লৈ কিয় শংকিত হৈছে মাজুলী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.