ETV Bharat / state

Crime rate increase in Guwahati: অপৰাধৰ ভূস্বৰ্গত পৰিণত হৈছে গুৱাহাটী মহানগৰ

author img

By

Published : Feb 26, 2022, 6:39 PM IST

মহানগৰীত অস্ত্ৰাধাৰী দুবৃৰ্ত্তৰ টিঘিলঘিলিনি । উদ্বেগজনকভাৱে বৃদ্ধি প‍াইছে জঘন্য অপৰাধ (Crime rate increase in Guwahati) । গুৱাহাটী মহানগৰীতে পাঁচটাকৈ চাঞ্চল্যকৰ অপৰাধজনিত ঘটনাই জোকাৰিছে ৰাজ্য ।

heinous crime has increased in the state
অপৰাধীৰ মুকলি বজাৰলৈ ৰূপান্তৰ নেকি গুৱাহাটী মহানগৰী?

গুৱাহাটী,২৬ ফেব্ৰুৱাৰীঃ অপৰাধ আৰু অপৰাধীক ৰোধিবলৈ বদ্ধ পৰিকৰ ৰাজ্য চৰকাৰ তথা অসম আৰক্ষী । কিন্তু তাৰ মাজতেই আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা মহানগৰীতে সংঘটিত ইটোৰ পাছত সিটোকৈ অপৰাধজনিত ঘটনা (Guwahati recorded Alarming rise in crime rate) । কেইবাটাও হত্যাকাণ্ঢৰ ঘটনাই জোকাৰি গৈছে মহানগৰী । অস্ত্ৰাধাৰী দুবৃৰ্ত্তৰ টিঘিলঘিলিনিত শংকিত মহানগৰবাসী ।

কোনোবাই যদি ধন-সম্পত্তিৰ বাবে কাৰোবাক হত্যা কৰিছে, আন কোনোবাই পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে হত্যা কৰিছে আত্মীয়ক । তদুপৰি কোনোবাই যদি ড্ৰাগছৰ আসক্তিৰ কৱলত পৰি হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিছে আন কোনোৱে আকৌ প্ৰেম জনিত কাৰণতে হত্যাকাণ্ড সংঘটিত কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । নিত্য নতুন এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে (Encounter in Assam) । এনকাউণ্টাৰৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছত যেন থমকি ৰোৱা নাই অসম আৰক্ষী ।

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ স্থিতিত উৎসাহিত হৈ স্মাৰ্ট অসম আৰক্ষীয়ে এটাৰ পাছত এটাকৈ এনকাউণ্টাৰ সংঘটিত কৰি শতকৰ সংখ্যা অতিক্ৰম কৰিছে । অৱশ্যে আৰক্ষীৰ বহুকেইটা এনকাউণ্টাৰ ইতিমধ্যে ভুৱা বুলিও চিহ্নিত হৈছে যদিও অপৰাধ নিয়ন্ত্ৰণৰ স্বাৰ্থত থমকি ৰোৱা নাই আৰক্ষীৰ পিষ্টলৰ গুলী ।

দুদিন পূৰ্বে ২৪ ঘণ্টাতে ৰাজ্যত আৰক্ষীয়ে তিনিটাকৈ এনকাউণ্টাৰ সংঘটিত কৰিছে। উল্লেখ যে একাংশ এনকাউণ্টাক লৈ ৰাইজে প্ৰশ্ন তুলিলেও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এয়া আৰক্ষীৰ ‘একচন’ বুলিহে সদৰি কৰিছে । কিন্তু আৰক্ষীয়ে অপৰাধ দমন কৰিবলৈ অভিযান তীব্ৰতৰ কৰাৰ লগতে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে যদিও ৰাজ্যত অপৰাধজনিত ঘটনা অলপো হ্ৰাস পোৱা নাই। আৰক্ষীৰ এনকাউণ্টাৰ দেখিও অপৰাধী থমকি ৰোৱা নাই ।

উদ্বেগৰ বিষয় যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে বহিৰাজ্যৰ 'চুপাৰি কিলাৰ' নিয়োগ কৰা হৈছে ।বিগত সময়চোৱাত গুৱাহাটী মহানগৰীতে পাঁচটাকৈ চাঞ্চল্যকৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে ।

বিগত সপ্তাহৰ শুকুৰবাৰে মহানগৰীৰ শিলপুখুৰীৰ বাপুজী নগত মনজিত ডেকা নামৰ এজন যুৱক বন্ধুৰ হাততে হত্যাৰ বলি হৈছিল । দেওবাৰে পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ আহি এজন প্ৰেমিকে বশিষ্ঠত ঘৰৰ ভিতৰতে প্ৰেমিকাৰ ককায়েক প্ৰেম কুমাৰ দেৱনাথক গুলীয়াই হত্যা কৰে । এই ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই সোমবাৰে সন্ধিয়া ছাত্ৰীবাৰীত অৱদেশ যাদৱ নামৰ ব্যৱসায়ীজনক দুজনীয়া দুবৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ।

অস্ত্ৰাধাৰী দুবৃৰ্ত্তৰ টিঘিলঘিলিনি বৃদ্ধি পোৱা মহানগৰীত মঙলবাৰে নিশালৈ পুনৰ দুৰ্বৃত্তই ডিঙি কাটি এজন ৰে’লৱে অভিযন্তাৰ পৰা লুট কৰি নিয়ে সোণৰ অলংকাৰ । সেইদৰে মঠঘৰীয়াৰ বড়ো চকৰ বাসিন্দা অভিযন্তা কিশোৰ কলিতাক নুনমাটিত আক্ৰমণৰ লক্ষ্য কৰি লয় দুৰ্বৃত্তৰ দলে । ইপিনে বুধবাৰেও সাতগাঁৱৰ আমবাৰীত ৰৌছন আলী ওৰফে চানা নামৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানক হাবিবুৰ ৰহমান নামৰ এজন লোকে মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰে ।

আনহাতে দুদিন পূৰ্বে মহানগৰীৰ হেঙেৰাবাৰীতো এপেকেট গুটখাৰ বাবে মইনুল আলী নামৰ এজন দোকানীয়ে মনোজ ৰংপি নামৰ যুৱকক চুৰিকাঘাত কৰিছিল । তদুপৰি বিগত সময়ত গুৱাহাটীত কেইবাইটাও চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে । বেলতলাৰ চন্দন নগৰৰ বৃদ্ধ দম্পত্তি ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাক আকাশ চৌধুৰী নামৰ কেয়াৰ টেকাৰজনে ঘৰৰ ভিতৰতে হত্যা কৰিছিল ।

সেইদৰে বৰাগাঁৱত আণ্টীমা গুপ্তা নামৰ মহিলাগৰাকীক ভাৰাতীয়াই হত্যা কৰিছিল । এপষেক পূৰ্বে ফটাশিল আমবাৰীত অনু হাজৰিকা নামৰ অকলশৰীয়া মহিলাগৰাকীক ঘৰত কাম কৰা লোকেই হত্যা কৰি ধন লুটি নিছিল। আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা গুৱাহাটী মহানগৰীত এনে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাত জনসাধাৰনে চৰম নিৰাপত্তাহীনতাত ভুগিছে ।

বিশেষকৈ অকলশৰে থকা বয়োজ্যেষ্ঠ দম্পতী আৰু আন অকলশৰীয়া লোকসকলে এতিয়া ভয় উদ্বিগ্নতাৰে দিন কটাবলগীয়া হৈছে । ইফালে বাটে-পথে চিলনী চোৰৰ পৰা লুণ্ঠনকাৰীলৈ বিভিন্নজনে সাধাৰণ মানুহৰ সহজ জীৱন-যাপন কৰি তুলিছে দুৰ্বিষহ । প্ৰশ্ন উত্থাপন হৈছে মহানগৰীত কিমান সুৰক্ষিত মহানগৰবাসী ?

লগতে পঢ়ক: মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান: চৰ্চাত মুকেশ আগৰৱালাৰ নাম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.