গুৱাহাটী, ৯ এপ্ৰিল: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এসময়ৰ বিপ্লৱী সহযোগী, গীতিকাৰ, নাট্যকাৰ, কৃতি শিক্ষক নগেন কাকতিৰ জন্মবার্ষিকী উপলক্ষে প্রকাশ কৰা 'প্ৰচাৰ বিমুখ সংগ্রামী নায়কজন' শীৰ্ষক প্ৰবন্ধ সংকলন শুক্ৰবাৰে উন্মোচন কৰা হয় ।
গুৱাহাটী প্রেছ ক্লাবত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড০ হীৰেণ গোহাঁয়ে । গ্ৰন্থখন উন্মোচন কৰি ড০ হীৰেণ গোহাঁয়ে ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিকৰ আজীৱন সংগঠক, সভাপতি তথা সমাজকর্মী নগেন কাকতিৰ বৈপ্লৱিক ব্যক্তিত্বৰ বিষয়ে বক্তব্য দাঙি ধৰে ।
এই অনুষ্ঠানত বিশিষ্ট লেখক ড০ পৰমানন্দ মজুমদাৰ, ৰাণী গোহাঁইৰ উপৰিও কেইবাগৰাকী বাওঁপন্থী নেতা আৰু ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিক শাখাৰ শিল্পী তথা সদস্য উপস্থিত থাকে ।
অনুষ্ঠানত নগেন কাকতিৰ সতীর্থ, ডিব্ৰুগড়ৰ শৰৎ নেওগে নগেন কাকতি সম্পর্কে স্মৃতিচাৰণ কৰি লিখি পঠোৱা এটি লেখা পাঠ কৰি শুনোৱা হয় । গ্রন্থখনি সম্পাদনা কৰিছে লেখক, সাংবাদিক নিমানন্দ দাসে । এই গ্রন্থখন প্রকাশ কৰিছে ডাঃ অঞ্জলী ডেকা, সুৰজিত ডেকা আৰু দেৱজিত ডেকাই ।
লগতে পঢ়ক:কি আছিল প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিস্ফোৰক চিঠিখনত !