গুৱাহাটী, ২৯ নৱেম্বৰ: আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ কথা-বতৰা চলি থকাৰ মাজতে বুধবাৰে আলফা(স্বা) ৰ চাৰি দুধৰ্ষ সদস্যই আত্মসমৰ্পন কৰে গুৱাহাটীত ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আত্মসমৰ্পণ চাৰি দুধৰ্ষ আলফা কেডাৰৰ ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতত বুধবাৰে আত্মসমৰ্পণ কৰে আলফা কেডাৰ কেইজনে ।
আত্মসমৰ্পণকাৰী আলফা কেডাৰ কেইজন হৈছে 2010 চনত আলফাৰ 78 বেটচত যোগদান কৰা সোণাৰীৰ কেপ্টেইন বিক্ৰম অসম ওৰফে নয়ন পাটমাউত, 2011 ত আলফাৰ 78 বেটচত যোগদান দিয়া তিনিচুকীয়াৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসম , 2018 ত 82 বেটচত আলফাত যোগ দিয়া মন্টু মৰাণ ওৰফে লেটেষ্ট অসম ওৰফে কুলাং মৰাণ, পলাশ মৰাণ ওৰফে গোপাল অসম ।
আত্মসমৰ্পণ কৰা সদস্য কেইগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসম স্বাধীন কৰাৰ সপোন দেখি আলফা শিবিৰত যোগদান কৰিছিলোঁ । কিন্তু স্বাধীনতা সম্ভৱ নহয় । সংগ্ৰাম কৰি সংগঠনৰ কোনো উন্নতি দেখা নাপালো । সংগঠনলৈ যোৱাৰ ৰাস্তা আছে কিন্তু ঘূৰি অহা ৰাস্তা নাই । পলায় আহিলে মৃত্যুদণ্ড দিয়া হয় ।’’ বহু সদস্যই যোগদান কৰাৰ দুই তিনিদিনৰ পিছতে ঘূৰি আহিবলৈ কান্দে বুলিও মন্তব্য কৰে কেডাৰ কেইজনে ।
কেম্পত নিজে খেতি কৰি পুৱা 6 বজাত আৰু দুপৰীয়া 1 বজাত আহাৰ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে তেওঁলোকে । শিবিৰত কেনেধৰণৰ সংগ্ৰাম কৰিবলগীয়া হয় সেই কথাৰ বিৱৰণ দি আলফালৈ যোৱাটো ভুল বুলি মন্তব্য কৰে চাৰি কেডাৰে । 2011 ত আলফাৰ 78 বেটচত যোগ দিয়া তিনিচুকীয়াৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসমে কয়, ‘‘তেওঁ 2008 চনত আৰক্ষীত যোগদানৰ বাবে ইন্টাৰভিউ দি সফল নোহোৱাত আলফাত যোগদান কৰে ।’’
উল্লেখ্য যে কেপ্টেইন বিক্ৰম অসম ওৰফে নয়ন পাটমাউত, 2011 ত আলফাৰ 78 বেটচত যোগ দিয়া তিনিচুকীয়াৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসমে দুটা হেণ্ড গ্ৰেণেড, এটা পিষ্টল আৰু 25 জাঁই গুলী আৰক্ষীক জমা দিয়ে ।
লগতে পঢ়ক: ব্যৱসায়ীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথ দখল কৰাৰ অভিযোগ