ETV Bharat / state

New Upa Lokayukta of Assam: উপ লোকায়ুক্ত হিচাপে শপত গ্ৰহণ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাৰ

author img

By

Published : Mar 3, 2023, 4:01 PM IST

অসমৰ নতুন উপ লোকায়ুক্ত হিচাপে শপত গ্ৰহণ হিতেশ কুমাৰ শৰ্মাৰ ৷ গুৱাহাটী উচ্চ ন্যালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা ৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাজভৱনত শপত বাক্য পাঠ কৰাই ন্যায়াধীশ শৰ্মাক (New Upa Lokayukta of Assam) ৷

New Upa Lokayukta of Assam
অসমৰ নতুন উপ লোকায়ুক্ত
উপ লোকায়ুক্ত হিচাপে শপত গ্ৰহণ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাৰ

গুৱাহাটী, 3 মাৰ্চ : উপ লোকায়ুক্ত হিচাপে প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাৰ শপত গ্ৰহণ ৷ শুকুৰবাৰে ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত শপত গ্ৰহণ কৰে হিতেশ কুমাৰ শৰ্মাই । ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই শপত বাক্য পাঠ কৰায় । অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে (Hitesh Kumar Sharma sworn in as Upa Lokayukta) ।

হিতেশ কুমাৰ শৰ্মা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৷ 1960 চনৰ 1 জুলাইত তেতিয়াৰ বৰপেটা জিলাৰ অন্তৰ্গত পাঠশালাত জন্মগ্ৰহণ কৰিছিল হিতেশ কুমাৰ শৰ্মাই ৷ বজালীতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰি তেওঁ 1981 চনত গুৱাহাটীৰ জেবি আইন মাহবিদ্যালয়ত নাম ভৰ্তি কৰে ৷ 1985 চনত ইযাৰ পৰাই তেওঁ আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ তাৰ পাচত 1988 চনৰ 8 ডিচেম্বৰত অসম ন্যায়িক সেৱাত যোগদান কৰি তেওঁ তিনিচুকীয়াৰ ন্যায়িক দণ্ডাধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ৷ অৱশ্যে ইয়াৰ পূৰ্বেই তেওঁ ওকালতি আৰম্ভ কৰিছিল বৰপেটা জিলাত (Former Justice Hitesh Kumar Sharma) ৷

লগতে পঢ়ক: Assam movement leader in Jorhat: অঘৰীৰ জীৱন কটাইছে অসম আন্দোলনৰ নেতাই

পিচত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ পঞ্জীয়ক হিচাপে পদোন্নতি লাভ কৰে হিতেশ কুমাৰ শৰ্মাই ৷ 2005 চনত তেওঁক নিযুক্তি দিয়া হয় কামৰূপ(ম)ৰ মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে ৷ ইয়াৰোপৰি তেওঁ শিৱসাগৰ, গোৱালপাৰা আদিতো সত্ৰ ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰিছিল ৷ 2017 চনৰ মে’ মাহত তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় ৷ 2019 চনৰ 25 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হয় হিতেশ কুমাৰ শৰ্মা ৷ 2022 চনৰ 30 জুনত এই পদতেই চাকৰি জীৱনৰ পৰা অৱসৰ লয় ন্যায়াধীশ শৰ্মাই (New Upa Lokayukta of Assam) ৷

ইফালে, যোৱা ফেব্ৰুৱাৰীত অসমৰ 31 সংখ্যক ৰাজ্যপালৰূপে শপত লৈছিল গুলাব চান্দ কাটাৰিয়াই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ সন্দীপ কুমাৰ মেহতাই শপতবাক্য পাঠ কৰাই নৱনিযুক্ত ৰাজ্যপালগৰাকীক ৷ 1944 চনৰ 13 অক্টোবৰত জন্মগ্ৰহণ কৰা গুলাব চান্দ কাটাৰীয়া 2014 চনৰ পৰা 2018 চনলৈ ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল । ৰাজস্থানৰ বিৰোধী দলৰ দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গুলাব চান্দ কাটাৰিয়া বিজেপিৰ এগৰাকী প্ৰবীণ ৰাজনীতিক (New governor of Assam) ৷

লগতে পঢ়ক: Rahul Gandhi at Cambridge University : মোৰ ফোন পেগাচাছৰ জৰিয়তে নিৰীক্ষণত ৰখা হৈছিল ; ৰাহুল গান্ধী

একেদৰে ফেব্ৰুৱাৰী মাহতে ৰাজভৱনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়ধীশৰ শপত গ্ৰহণ কৰিছিল । ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰায় নতুন মুখ্য ন্যায়াধীশ সন্দীপ মেহতাক । ইয়াৰ পূৰ্বে সন্দীপ মেহতাই ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.