ETV Bharat / state

উত্তৰাখণ্ড বিতৰ্ক : মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ গোচৰ

author img

By

Published : Feb 13, 2022, 1:06 PM IST

ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰি এখনৰ পিছত আনখন ৰাজ্যত সমালোচিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপসৰণৰ দাবী জনোৱাৰ পিছতে এইবাৰ মহাৰাষ্ট্ৰত ড৹ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এজন কংগ্ৰেছ নেতাই ৷

fir-filed-against-dr-himanta-biswa-sarma-for-controversial-stamentment-on-rahul-gandhis-father
উত্তৰাখণ্ড বিতৰ্ক : মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ গোচৰ

গুৱাহাটী, 13 ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অশালীন মন্তব্য কৰি এতিয়া বিৰোধী দলটোৰ ৰোষত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ(NSUI) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে(Himanta Biswa's controversial stamentment in Uttarakhand ) । মহাৰাষ্ট্ৰ এন এছ ইউ আইৰ এটা দলক লগত লৈ গৈ এই এজাহাৰ দাখিল কৰে কংগ্ৰেছ নেতাজনে ।

উল্লেখযোগ্য যে, ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক(CM Himanta Biswa targetting Rahul Gandhi) । আনকি সেই নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈও তেওঁ প্ৰশ্ন তুলিছিল(Himanta Biswa's controversial stamentment on Rahul Gandhi's father) । মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে কংগ্ৰেছ দল । অসমতো কংগ্ৰেছে জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো ড৹ শৰ্মাক এজন কুৰুচিপূৰ্ণ ব্যক্তি বুলি আখ্যা দি এনেধৰণৰ অশালীন মন্তব্যই তেওঁৰ ভিতৰত লুকাই থকা কলুষিতা প্ৰকট কৰিলে বুলি মন্তব্য কৰিছে ।

সমান্তৰালভাৱে ৰাজ্যত এন এছ ইউ আয়েও ড৹ শৰ্মাৰ এনে মন্তব্যৰ বিৰোধিতা কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এনে অশালীন মন্তব্যৰ তীব্ৰ বিৰোধ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী বিতৰ্কত সোমাই পৰা ঘটনাই বিজেপিক কি ধৰণে সহায় বা ক্ষতি কৰিব সেয়া এতিয়াই ক’ব নোৱাৰি ।

লগতে পঢ়ক : মুছলমান বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই উত্তৰাখণ্ডক : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.