ETV Bharat / state

অসম দৰ্শনৰ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

অসম জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সন্মোধন ৷ অসম দৰ্শনৰ আঁচনিৰ অধীনত ৯১৫ উপাসনাস্থলীক ১০ লাখ কৈ পুঁজি দিয়া হ'ব।

অসম দৰ্শনৰ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
অসম দৰ্শনৰ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Feb 22, 2020, 8:31 PM IST

গুৱাহাটী, 22 ফেব্ৰুৱাৰীঃ শনিবাৰে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। অসম চুক্তিৰ ৬নং দফাৰ ওপৰত হোৱা বিতৰ্কৰ খণ্ডন কৰি তেওঁ কয়, 'বি কে শৰ্মা দিল্লীলৈ গৃহমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা নাছিল। যিটো তেওঁ প্ৰেছ বিজ্ঞপ্তি দি স্পষ্ট কৰিছে । অসম চুক্তিৰ ৬নং দফাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মুখ‍্যমন্ত্ৰীক ল'বৰ বাবে দায়িত্ব দিছে । সেই মৰ্মে ২৫ তাৰিখে দিনৰ ১২ বজাত সমিতিয়ে অসম কেবিনেটৰ সদস্যৰ উপস্থিত মুখ‍্যমন্ত্ৰীক অৰ্পণ কৰিব।

অসম দৰ্শনৰ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
আনহাতে আজিৰ সংবাদমেলতে অসমৰ যি সমূহ বিদ্যালয়ৰ নামত মুক্তাব শব্দ আছে সেই সমূহ বিদ্যলয়ৰ নামৰ পৰা অতিশীঘ্ৰে মুক্তাব শব্দটো আতৰোৱা হ'ব। বৰ্তমানে এনেকোৱা ৬৩ খন বিদ্যালয়ত মুক্তাব শব্দটো লিখা আছে।

ইফালে এই সংবাদমেলতে অসম দৰ্শন আঁচনিৰ ঘোষণা কৰে। ইয়াৰ দ্বাৰা দেৱালয় সমূহে ২ লাখ টকাকৈ পাব। লগতে ৯১৫ খন উপাসনা স্থলীত ধাৰাবাহিক ভাৱে উন্নয়নমূলক কাম কৰা হ'ব আৰু পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব। ইয়াৰ বাবে ৬১৫ কোটি টকা মোকলাই দিব চৰকাৰে ৷ এই আঁচনিৰ অধীনত যিসমূহ স্থান অন্তৰ্ভুক্ত হ'ব আৰম্ভণি কাল ১০০বছৰ ওপৰত হ'ব লাগিব। অসম দৰ্শনৰ আঁচনিৰ অধীনত ৯১৫ উপাসনাস্থলীক ১০ লাখ কৈ পুঁজি দিয়া হ'ব।

অহা ২৪ তাৰিখে ৭৪ খন উপাসনাস্থলীৰ পুঁজিখিনি আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ লগতে আঁচনিখন মুকলি কৰা হ'ব। অসম দৰ্শনৰ আঁচনিৰ অধীনত ৯১৫ উপাসনাস্থলীয়ে ১০ লাখ কৈ পুঁজি দিয়া হ'ব। ২৪ তাৰিখে ৭৪ খন উপাসনাস্থলীৰ পুঁজি খিনি আনুষ্ঠানিক ভাৱে বিতৰণ কৰাৰ লগতে আঁচনি খন মুকলি কৰা হ'ব ৷

ইয়াৰ ভিতৰত ৪৫৯ টা মন্দিৰ, ১৮৬ টা নামঘৰ, ৪৭ টা মজজিদ ,২৭ টা গীৰ্জা অন্তৰ্ভুক্ত কৰা হৈছে।'

লগতে চাওকঃটীয়কত অতুল বৰাক ক'লা পতাকা প্ৰদৰ্শন আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.