গুৱাহাটী, ১৩ জুলাই :কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীত অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা পৰিচয়ৰে বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰি লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ (ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটীয়ে । ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক ৰিতুৰঞ্জন দাসে এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তৎকালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায় ।
তেওঁ কয় যে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্তৰ্গত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), সশস্ত্র সীমা বল(এছ এছ বি), কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ), আছাম ৰাইফলছ, বিশেষ নিৰাপত্তা বাহিনী (এছ এছ এফ), নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰ' (এন চি বি) আদি বিভাগৰ বিভিন্ন পদৰ বাবে এছ এছ চি (ষ্টাফ ছিলেকচন কমিছনে) সমগ্ৰ দেশতে পৰীক্ষা অনুষ্ঠিত কৰিছে । ষ্টাফ ছিলেকচন কমিছনে প্রতিখন ৰাজ্যতে উক্ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে । প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়াকৈ পদৰ সংখ্যা ভাগ কৰি অর্থাৎ সংৰক্ষণৰ ব্যৱস্থা কৰি পৰীক্ষা অনুষ্ঠিত কৰে । এইবাৰ অসমৰ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত পদৰ সংখ্যা হৈছে ৩,৪৮৭ টা । উক্ত পদৰ বিপৰীতে ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা পৰীক্ষাত অৱতীর্ণ হয় ।
ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক ৰিতুৰঞ্জন দাসে পুনৰ কয় যে অসমত যোৱা ১০ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হয় । লিখিত পৰীক্ষাত উত্তীৰ্ণ সকলৰ মাজৰ পৰা ১ মে'ৰ পৰা ১৪ মে'লৈ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰে । শাৰীৰিক পৰীক্ষাত উত্তীর্ণ সকলে অহা ১৭ জুলাইৰ পৰা মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । এই মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থী অৰ্থাৎ লিখিত আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নাম তালিকা যোৱা ৩০ জুনত এছ এছ চিয়ে তেওঁলোকৰ ৱেবছাইটযোগে প্রকাশ কৰে । এই তালিকাখনত মেডিকেল পৰীক্ষাৰ বাবে বাছনি হোৱা প্ৰাৰ্থীসকলৰ নাম প্ৰত্যক্ষ কৰিয়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰা বিষয়টো পোহৰলৈ আহে।
তেওঁ লগতে কয় যে এই প্ৰাৰ্থীসকলে ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি অসমৰ স্থায়ী বাসিন্দা বুলি ভুৱা পৰিচয় দি সংৰক্ষিত কোটাত আৱেদন কৰিছে । ইয়াৰ ফলত অসমৰ প্ৰাৰ্থীসকল যে বঞ্চিত হ'ব সেয়া নিশ্চিত হৈ পৰিছে । ৰাজ্যখনৰ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে এই ঘটনা খুবেই উদ্বেগজনক বুলি তেওঁ কয় । উল্লেখযোগ্য যে এই ঘটনাৰ দ্ৰুত হস্তক্ষেপ বিচাৰি ৰাজ্যৰ মুখ্য সচিবলৈ বৃহস্পতিবাৰে পত্ৰ প্ৰেৰণ কৰিছে ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটীয়ে ।
লগতে পঢ়ক:Assam flood 2023: পুনৰ জলমগ্ন টিহু, ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী