ETV Bharat / state

চৰ অঞ্চলত কভিড-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কলে ডাঃ ইলিয়াছ আলীয়ে ? - Mominul Awal comment

লক ডাউন খোলাৰ লগে লগেই বেপাৰ বাণিজ্য আৰু অন্যান্য উপাৰ্জনৰ সন্ধানত যি সকল লোক বাহিৰলৈ ওলাই আহিব সেইসকল লোকে কি সাৱধানতা অৱলম্বন কৰিব সেইয়া অতি জৰুৰী বুলি বিবেচিত হৈ পৰিছে ৷

dr-ilias-ali-comment-about-the-awarness-stet-among-the-people-of-chor-area-of-assam
চৰ অঞ্চলত কভিড-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কলে ডাঃ ইলিয়াছ আলীয়ে ?
author img

By

Published : Apr 21, 2020, 7:48 PM IST

গুৱাহাটী, 21 এপ্ৰিল: কভিড 19 য়ে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিৰ সময়ত এই সংহাৰী ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব পাৰিবনে অসমৰ চৰ অঞ্চলৰ ষাঠি লক্ষ জনতাই ? আজিও এক লক্ষ্যণীয় সংখ্যক নিৰক্ষৰ আৰু উপায়ন্তৰ লোকৰ বসতি ভূমি হিচাপে পৰিচিত হৈ আহিছে অসমৰ বহু চৰ অঞ্চল ৷ বৰ্তমান সময়ত অসমৰ দুই হাজাৰতকৈও অধিক চৰৰ বাসিন্দাই ঘৰতে সোমাই থাকি অচিন ৰোগৰ আতংকত ভুগিছে ৷ আনহাতে লক ডাউন খোলাৰ লগে লগেই বেপাৰ বাণিজ্য আৰু অন্যান্য উপাৰ্জনৰ সন্ধানত যিসকল লোক বাহিৰলৈ ওলাই আহিব সেই সকল লোকে কি সাৱধনতা অৱলম্বন কৰিব সেইয়া অতি জৰুৰী বুলি বিবেচিত হৈ পৰিছে ৷ কিন্তু অতি লক্ষ্যণীয় ভাৱে ৰাজ্যৰ মুঠ জনসংখ্যাৰ 9.37 শতাংশ লোকক সজাগ কৰাৰ বাবে চৰকাৰে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ কভিড-19ক লৈ চৰ অঞ্চলত সৃষ্টি হোৱা এনে আশংকাক আঙুলিয়াই এই পিচপৰা জনগোষ্ঠীটোৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে বিগত দীৰ্ঘকাল কাম কৰি অহা বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে আগবঢ়ালে বহু গুৰুত্বপূৰ্ণ মন্তব্য ৷

চৰ অঞ্চলত কভিড-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কলে ডাঃ ইলিয়াছ আলীয়ে ?

নিম্ন আয়ৰ এই লোকসকলক কভিড 19 ভাইৰাছৰ ভয়াৱহতা সন্দৰ্ভত সচেতন কৰাৰ ক্ষেত্ৰত মছজিদ সমাজ আৰু ইমাম সকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি মন্তব্য কৰে ডাঃ ইলিয়াছ আলীয়ে

আনহাতে কভিড-19 ভাইৰাছৰ ভয়াৱহতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে জনাই যে, কভিড-19 ভাইৰাছৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ আওতাত অসমৰ সকলো চৰ অঞ্চলবাসী ৰাইজকো অন্তৰ্ভুক্ত কৰা হৈছে ৷ লগতে তেওঁ উল্লেখ কৰে যে সংখ্যালঘু উন্নয়ন পৰিষদে এতিয়াও চলিত বৰ্ষৰ নিৰ্ধাৰিত বাজেটত নিৰ্ধাৰিত পূঁজি নোপোৱাৰ বাবে নিজাববীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই ৷

কভিড 19 ভাইৰাছ নিয়ন্ত্ৰণ সন্দৰ্ভত মমিনূল আৱালৰ মন্তব্য

লগতে পঢ়কঃ নগাঁৱত কৰ'ণা বিৰোধী যুঁজৰ সেনানীক গামোচাৰে সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.