ETV Bharat / state

SI কেলেংকাৰীৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

বুধবাৰে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ SI কেলেংকাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

author img

By

Published : Sep 30, 2020, 2:14 PM IST

Dispur Congress protest
SI কেলেংকাৰীৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 30 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষা সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজ্যজুৰি গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বুধবাৰে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত থকা গৃহ বিভাগত সংঘটিত কেলেংকাৰীক সৰ্ববৃহৎ কেলেংকাৰী আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ভাষ্য

কংগ্ৰেছে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কৰাৰ অনুমতি বিচাৰিছিল যদিও অনুমতি প্ৰদান নকৰিলে কামৰূপ জিলা প্ৰশাসনে ৷ ইয়াৰ পৰিৱৰ্তে প্ৰতিবাদকাৰী সকলে সচিবালয় ঘেৰাও কৰিবলৈ উদ্যত হয় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ যাৰ ফলত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ ৰিপুন বৰাকে ধৰি কেইবাগৰাকীও প্ৰতিবাদকাৰীক দিছপুৰৰ পৰা আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক-এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.