ETV Bharat / state

Diesel price : ৰাজ্যত বিদ্যুৎ মাচুলৰ পাছত এইবাৰ ডিজেলৰ মূল্য বৃদ্ধি

author img

By

Published : Jan 31, 2023, 4:21 PM IST

ডিজেলত ৭ মাহত তৃতীয়বাৰলৈ ভেট বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে (Diesel price hike in Assam)। বিদ্যুৎ মাচুল পুনৰ বৃদ্ধিৰ পাছতে ডিজেলত আৰোপিত মূল্য সংযোজিত কৰ (ভেট) বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে । বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Diesel price
বিদ্যুৎ মাচুলৰ পাছত এইবাৰ ডিজেলৰ মূল্য বৃদ্ধি

গুৱাহাটী,৩১ জানুৱাৰী : ৰাজ্য চৰকাৰে বিত্তীয় ঘাটি পূৰণ কৰাৰ বাবে বিদ্যুৎ মাচুলৰ পৰা আৰম্ভ কৰি ৭ মাহৰ ভিতৰতে তৃতীয়বাৰলৈ ডিজেলত আৰোপিত মূল্য সংযোজিত কৰ (ভেট) বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে (Diesel price increase in Assam)। শেহতীয়াকৈ যোৱা ২৪ জানুৱাৰীত এই কৰ পুনৰ বৃদ্ধি কৰা হৈছে আৰু ২৫ জানুৱাৰীৰ পৰা নতুন নিৰিখ কাৰ্যকৰী হৈছে । যোৱা বছৰৰ ৩০ জুলাইত এই কৰ বৃদ্ধি কৰি ১ টকাত ১৪.৬৪ পইচা বা প্রতি লিটাৰত ৮.২৫ টকা (যিটোৱে অধিক) ধার্য কৰা হৈছিল ।

যোৱা ৩০ ডিচেম্বৰত এই হাৰ ১ টকাত ১৭.৯০ পইচা বা লিটাৰত ১১ টকালৈ বৃদ্ধি কৰা হৈছিল । শেহতীয়া ২৪ জানুৱাৰীৰ অধিসূচনা অনুসৰি বৰ্দ্ধিত ভেটৰ পৰিমাণ হ'ব এটকাত ১৮.৩২ পইচা বা প্রতি লিটাৰত অধিক মহঙা হ'ল ১১.৫০ টকা (যিটোৱে অধিক)। তথ্য অনুসৰি, যোৱা ২৪ জানুৱাৰীত গুৱাহাটীত প্রতি লিটাৰ ডিজেলৰ দাম ৮৮.০১ টকা আছিল । ভেট বৃদ্ধিৰ পাছত ২৫ জানুৱাৰীত ডিজেলৰ দৰ প্রতি লিটাৰত ৮৮.৩৫ টকালৈ বৃদ্ধি পাইছিল ।

ইফালে বিদ্যুৎ গ্ৰাহকৰ মূৰত পুনৰ মাধমাৰ সোধাবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে এ পি ডি চি এলে (Power tariff hiked in Assam)। ইন্ধনৰ দামবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ফেব্ৰুৱাৰী মাহৰ পৰা ইউনিটে প্রতি ২০ পইচাকৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি হ'ব বুলি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সদৰি কৰিছে । বিদ্যুৎ নিয়ামক আয়োগে ধার্য কৰি দিয়া নিয়মানুসাৰে এইবাৰ ইউনিটে প্রতি ২০ পইচাকৈ মাচুল বৃদ্ধি হ'ব । তেতিয়াহ'লে মাৰ্চ মাহৰ বিদ্যুৎ বিলত গ্রাহকে বৰ্দ্ধিত মাচুল আদায় দিব লাগিব ।

উল্লেখ্য যে নৱেম্বৰ-ডিচেম্বৰ-জানুৱাৰী মাহত একেই নিয়মৰ আধাৰত গ্রাহকে ৩০ পইচাকৈ বৰ্দ্ধিত মাচুল আদায় দি আছে । পূৰ্বৰ ৩০ পইচা ধৰিলে ফেব্ৰুৱাৰী মাহৰপৰা মুঠতে ৫০ পইচাকৈ বৰ্দ্ধিত বিদ্যুৎ মাচুল গ্রাহকে আদায় দিব লাগিব । মন কৰিবলগীয়া বিষয়টো হ'ল ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত যোৱা দুবছৰত মাত্ৰ এবাৰেই ৫ পইচা বিদ্যুৎ মাচুল হ্রাস পাইছে ।

ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে অতিৰিক্ত বিদ্যুৎ মাচুল আদায় দিয়াৰ পাছত ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে আকৌ এপ্ৰিলৰপৰা বছৰেকীয়া বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজাও বহন কৰিব লাগিব । জানিব পৰা মতে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্রতি ইউনিটত ১ টকাকৈ বছৰেকীয়া মাচুল বৃদ্ধিৰ বাবে নিয়ামক আয়োগৰ ওচৰত আবেদন জনাই থৈছে । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্রায় ৯০০ কোটি টকাৰ ৰাজহ ঘাটি পূৰাবলৈ নিয়ামক আয়োগৰ ওচৰত আবেদন দাখিল কৰি থৈছে ।

ৰাজ্য চৰকাৰে বিদ্যুৎ মাচুল পুনৰ বৃদ্ধিৰ বিৰুদ্ধে ফেব্ৰুৱাৰীৰ পৰা আন্দোলনৰ ঘোষণা কৰিছে অসম তৃণমূল কংগ্ৰেছে । আম আদমী পাৰ্টিয়েও বিদ্যুৎ মাচুল বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক :Power tariff to be hiked : ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.