ETV Bharat / state

ডিব্ৰুগড় আৰু গুৱাহাটীত সাময়িকভাৱে শিথিল সান্ধ্য আইন - সাময়িকভাৱে শিথিল সান্ধ্য আইন

ৰাজ্যসভাত বহু বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পাচতে সমগ্ৰ ৰাজ্য কেব বিৰোধী প্ৰতিবাদত অগ্নিগৰ্ভা হৈ পৰিছিল ৷ ৰাজ্যত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনে ৰাজ্যত অৰ্নিদিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছিল ৷

Curfew relaxed
সাময়িকভাৱে শিথিল সান্ধ্য আইন
author img

By

Published : Dec 15, 2019, 8:40 AM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰঃ ডিব্ৰুগড়ত ডেওবাৰে পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈকে সান্ধ্য আইন শিথিল কৰা হৈছে ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এই কথা সদৰি কৰে ৷ একেদৰে গুৱাহাটীতো 9 ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল কৰা হৈছে ৷ পুৱা 9 বজাৰ পৰা 6 বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন ৷ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এই কথা প্ৰকাশ কৰে ৷

বুধবাৰে ৰাজ্যসভাত বহু বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পাচতে সমগ্ৰ ৰাজ্য কেব বিৰোধী প্ৰতিবাদত অগ্নিগৰ্ভা হৈ পৰিছিল ৷ ৰাজ্যত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ অৱলম্বন কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ৰাজ্যত অৰ্নিদিষ্টকালীন সান্ধ্য আইন জাৰি কৰে ৷ ইপিনে ৰাজ্যত পৰিস্থিতি কিছু পৰিমানে উন্নত হোৱাৰ বাবে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন জিলাত সাময়িকভাৱে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছিল ৷ অৱশ্যে নিশাৰ ভাগত পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ শংকাত প্ৰশাসনে পুনৰ সান্ধ্য আইন জাৰি কৰে ৷

লগতে পঢ়ক - জাতিৰ আৱেগক বুঢ়া আঙুলি ডনবস্কৰ

Intro:Body:

Curfew relaxed today in guwahati and dibrugarh

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.