গুৱাহাটী, ১৬ এপ্ৰিল: ৰাজ্য চৰকাৰে নিজস্ব ৰাজহ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাজ্যখনৰ সম্পদ-সম্ভাৱনীয়তাৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । ৰাজ্যখন প্ৰাকৃতিক সম্পদত চহকী যদিও লাহে লাহে টুটি আহিছে ৰাজ্যখনৰ ভূগৰ্ভত থকা প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ । বিশেষকৈ বিগত কেইবছৰমানৰ পৰা খাৰুৱা তেলৰ উৎপাদন লক্ষণীয়ভাৱে হ্ৰাস পাবলৈ ধৰিছে (Crude oil production in Assam)।
যাৰ ফলত ৰাজ্যখনে খাৰুৱা তেলৰ পৰা লাভ কৰি অহা ৰয়েল্টিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে । ৰাজ্যখনৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ২০১৭-১৮ বিত্তীয় বৰ্ষত অসমত উৎপাদিত খাৰুৱা তেলৰ পৰিমাণ আছিল ৪.৩ মিলিয়ন মেট্ৰিকটন । ইয়াৰ পাছত ২০১৮-১৯ বিত্তীয় বৰ্ষতে ৰাজ্যখনত ৪.৩ মিলিয়ন মেট্ৰিকটন খাৰুৱা তেলেই উৎপাদন হয় ।
কিন্তু ইয়াৰ পাছৰ বছৰ পৰাই তেলৰ উৎপাদন উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰে । সেই অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্যখনত ৪.১ মিলিয়ন মেট্ৰিকটন খাৰুৱা তেল উৎপাদন হোৱাৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষত উৎপাদন হয় ৩.৯ মিলিয়ন মেট্ৰিকটন তেলহে । অর্থাৎ ধাৰাবাহিকভাৱে অসমত খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পাবলৈ আৰম্ভ কৰিছে (Crude oil production reduced in Assam) ।
ইফালে খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনে তেলৰ পৰা প্ৰতি বছৰে লাভ কৰি অহা ৰয়েল্টিৰ পৰিমাণো হ্ৰাস পাইছে । যাৰ ফলত অসমে প্ৰতি বছৰে বৃহৎ অংকৰ ধন হেৰুৱাবলগীয়া হৈছে । তথ্য অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ ৰয়েন্টি হিচাপে অসমে লাভ কৰা ধনৰ পৰিমাণ আছিল ২৩২৬.৪৫ কোটি টকা । কিন্তু ২০১৯-২০ বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ হ্ৰাস পালে ২০৬৯.৯৫ কোটি টকালৈ । ইয়াৰ পাছত ২০২০-২১ বিত্তীয় বৰ্ষত অসমে ৰয়েল্টিৰ নামত মাত্ৰ ১৩৩৭.৩৮ কোটি টকাহে লাভ কৰে ।
ইফালে অসমত তেল উৎপাদন হ্ৰাস পোৱাৰ বিপৰীতে গুজৰাটৰ দৰে ৰাজ্যত খাৰুৱা তেলৰ উৎপাদন প্ৰতি বছৰে বৃদ্ধিহে পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত গুজৰাটত ৪.৬ মিলিয়ন মেট্ৰিকটন খাৰুৱা তেল উৎপাদন হোৱাৰ বিপৰীতে ২০২০-২১ বৰ্ষত এই পৰিমাণ বৃদ্ধি পাইছে ৪.৭ মিলিয়ন মেট্ৰিকটনলৈ । আনহাতে ত্ৰিপুৰা আৰু তামিলনাডুৰ দৰে ৰাজ্যত খাৰুৱা তেলৰ উৎপাদন হ্ৰাস নাপালেও যোৱা তিনি বছৰ ধৰি সমপৰিমাণতে তেল উৎপাদন হৈ আছে । অসমত তেল উৎপাদন কৰা এটা প্ৰধান প্ৰতিষ্ঠান অ' এন জি চিৰ উৎপাদনো যথেষ্ট হ্ৰাস পাইছে (Production of ONGC)।
চৰকাৰী তথ্য অনুসৰিয়েই ২০১৮-১৯ বিত্তীয় বৰ্ষত অ’ এন জি চিয়ে ৰাজ্যখনত ০.৯৯০ মিলিয়ন মেট্ৰিকটন খাৰুৱা তেল উৎপাদন কৰিছিল । কিন্তু ২০১৯-২০ বিত্তীয় বৰ্ষত এই পৰিমাণ ০.৯৮৬ মিলিয়ন মেট্ৰিকটনলৈ আৰু ২০২০-২১ বিত্তীয় বৰ্ষত ০.৯৬২ মিলিয়ন মেট্ৰিকটনলৈ হ্ৰাস পায় । লক্ষ্যণীয় বিষয় যে এটা সময়ত অসমত যথেষ্ট পৰিমাণে খাৰুৱা তেলৰ উৎপাদন হৈছিল । যাক লৈ সকলোৱে গৌৰৱো কৰিছিল ।
খাৰুৱা তেল শোধন কৰাৰ বাবে অসমৰ পৰা বহিঃৰাজ্যলৈ আনকি পাইপ লাইনো স্থাপন কৰা হৈছিল । কিন্তু এসময়ত যি পাইপেৰে ৰাজ্যৰ বাহিৰলৈ তেল গৈছিল এতিয়া সেই পাইপেৰেই অসমলৈ বহিঃৰাজ্যৰ পৰা তেল আমদানি কৰিবলগীয়া হৈছে (Crude oil importation to Assam)। উল্লেখ্য যে, ৰাজ্যৰ তৈলক্ষেত্ৰসমূহ অতি পুৰণি হোৱাৰ বাবে উৎপাদন ক্ষমতা হ্ৰাস পাইছে ।
আনহাতে তেল উৎপাদন কৰা কোম্পানীবোৰে তেল থকা নতুন এলেকা উদঘাটন কৰাতো বিশেষভাৱে সফল হোৱা নাই । যাৰ পৰিণতিতে বিগত কিছুবছৰৰ পৰা অসমত খাৰুৱা তেলৰ উৎপাদন কমি আহিছে । আনকি বেছিভাগ তৈলক্ষেত্ৰই এতিয়া তৃতীয় পর্যায়তহে আছে । অর্থাৎ শেষ পর্যায়লৈ গতি কৰিছে । এনে পৰিস্থিতিত অনাগত দিনত নতুন তৈল ভাণ্ডাৰ আৱিষ্কাৰ কৰিব নোৱাৰিলে ৰাজ্যৰ তৈল খণ্ডত যে এক সংকটে দেখা দিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । ইয়াৰ লগে লগে ৰাজ্যখনে খাৰুৱা তেলৰ পৰা লাভ কৰা ৰয়েল্টিৰ পৰিমাণো হ্ৰাস পাব ।
লগতে পঢ়ক: গুজৰাটৰ মৰবিত ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ