গুৱাহাটী,২১ ফেব্ৰুৱাৰীঃ এতিয়াও মাৰ যোৱা নাই মহামাৰী কৰ’ণাৰ প্ৰকোপ ৷ পুনৰ যেন ৰাজ্যত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌ ব’বলৈ আৰম্ভ কৰিছে ৷ দিল্লী, মহাৰাষ্ট্ৰ, কেৰালাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মহামাৰী ক'ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাত সন্ত্ৰস্ত হৈ উঠিছে অসম চৰকাৰ । ইতিমধ্যে অসমত ক'ভিডৰ প্ৰভাৱ বা সংক্ৰমণ প্ৰায় নোহোৱা হৈছে বুলি বহুতে ভাবিছিল যদিও দেশৰ কেইবাখনো ৰাজ্যত পুনৰ গা কৰি উছিছে covid19 ৷ covid19 ৰ এই দ্বিতীয়টো ঢৌৰ প্ৰভাৱ যেন এতিয়া অসমতো পৰিব পাৰে । তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে অসম চৰকাৰ ৷
আসন্ন বিপদৰ উমান পাই শনিবাৰে মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰিছে এক নতুন সতৰ্কতামূলক নিৰ্দেশনা । মুখ্য সচিবে জাৰি কৰা এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ২৭ জানুৱাৰীত ক'ভিড সম্পৰ্কত যি গাইড লাইন জাৰি কৰিছিল, সেই গাইড লাইন এতিয়াৰে পৰা তাৎক্ষনিক ভাৱে অসমতো প্ৰযোজ্য হ’ব ৷ পুনৰ নতুন নিৰ্দেশ নিদিয়া পৰ্যন্ত অসমত এই গাইডলাইন বাহাল থাকিব বুলিও মুখ্য সচিবে নিৰ্দেশনাটোত উল্লেখ কৰে ৷
লগতে পঢ়কঃ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ জুবিনৰ আহ্বান