ETV Bharat / state

ক'ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ মাজত শাৰদীয় দুৰ্গোৎসৱ - ফ্লায়িং স্কোৱাডে পূজা মণ্ডপত অভিযান চলাব

শাৰদীয় দুৰ্গোৎসৱৰ সোমাবাৰে ষষ্ঠী । পূজা উদযাপনৰ ক্ষেত্রত সকলোৱে মানি চলিব লাগিব ক'ভিড প্ৰটক'ল । যিকোনো সময়ত ফ্লায়িং স্কোৱাডে চলাব অভিযান । লগতে চৰকাৰে কি কি নিৰ্দেশনা জাৰি কৰিছে ?

Covid SOP
ক'ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ মাজত শাৰদীয় দুৰ্গোৎসৱ
author img

By

Published : Oct 10, 2021, 3:24 PM IST

গুৱাহাটী, ১০ অক্টোবৰ : ক'ভিড পৰিস্থিতিৰ (Covid Situation) মাজতে দশভূজা দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ৰাজ্যৰ সৰ্বত্র এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ । বজাৰে-সমাৰে পূজাৰ ব্যাপক ব্যস্ততা । সাজু হৈ উঠিছে পূজাৰ মণ্ডপসমূহ ।

সোমবাৰে ষষ্ঠী পূজা । যুৰীয়া বেলেৰে দেৱী দুৰ্গাক বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা হ'ব । লগে লগে আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱৰ অনাবিল আনন্দ । পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা উপভোগ কৰিব লাগিব ৰাজ্যবাসীয়ে । ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ।

Covid SOP
ক'ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ মাজত শাৰদীয় দুৰ্গোৎসৱ

দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে নতুন এছ অ' পি (SOP)। পূজাৰ আয়োজকসকলৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি পূজা মণ্ডপসমূহ আহল বহল হ'ব লাগিব ৷ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পথ বেলেগ হ'ব লাগিব । স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে এপালি হ'লেও ক'ভিড প্ৰতিষেধক ল'ব লাগিব । কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব ।

এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ তথা পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব । এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব । সেইদৰে জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব । একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব লাগিব ।

আনহাতে, ইতিহাস প্ৰসিদ্ধ ধৰ্মীয়স্থলীত একেসময়তে ৬০ গৰাকী ভক্তই প্ৰৱেশ কৰিব পাৰিব । সম্পূৰ্ণ দুটা ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মণ্ডপত । সাধাৰণ পূজাস্থলীত একেসময়তে ৪০ গৰাকী লোকেহে প্ৰৱেশ কৰিব পাৰিব । পূজা পেণ্ডেলসমূহতো দুটা ভেকচিন লোৱাসকলকহে প্ৰৱেশত অনুমতি দিয়া হৈছে ।

পূজামণ্ডপ, পূজাস্থলীত যিকোনো দুগৰাকী দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক'ভিড বিধি অনুসৰি যথেষ্ট ঠাই থাকিব লাগিব । পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব । আনহাতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দুৰ্গা পূজাৰ আগে-পিছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়াৰ দৰে কাৰ্যসূচীৰ আয়োজনত বাধা-নিষেধ আৰোপ কৰা হৈছে ।

আয়োজক সমিতি নাইবা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব । ইফালে দুৰ্গোৎসৱৰ সময়ত জাৰি কৰা নীতি-নিয়মসমূহ তদাৰক কৰাৰ বাবে গঠন কৰা হৈছে ফ্লায়িং স্কোৱাড । যিকোনো সময়তে এই ফ্লায়িং স্কোৱাডে পূজা মণ্ডপত অভিযান চলাব ।

লগতে পঢ়ক :যোৰহাটত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশত ব্যস্ত মৃৎ শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.