গুৱাহাটী, 19 মে': বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদানৰ বাবে বিতৰ্কত থকা নৱ নিযুক্ত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাক এইবাৰ উভতি ধৰিলে জলসম্পদ বিভাগৰ এজন ক্লাছ ওৱান ঠিকাদাৰ শৈলেন কুমাৰ শৰ্মাই । জলসম্পদ বিভাগৰ হাজোত দুটাকৈ মথাউৰি নিৰ্মাণৰ ঠিকা লাভ কৰা শৈলেন কুমাৰ শৰ্মাই বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাবুকি দিয়াকে ধৰি বেয়া ব্যৱহাৰেৰে তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ তুলি তেওঁক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিলে ।
উল্লেখ যে, মন্ত্ৰী পীযুষ হাজৰিকাই হাজোত নিৰ্মিয়মান মথাউৰিৰ কাম চাবলৈ যোৱাত ঠিকাদাৰ শৈলেন কুমাৰ শৰ্মা তাত উপস্থিত নোহোৱাটোৱেই আছিল তেওঁৰ অপৰাধ । যাৰবাবে মন্ত্ৰী গৰাকীয়ে তেওঁক ফোনযোগে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰাৰ লগতে তুচ্ছ-তাচ্ছিল্য কৰিছিল । যিটো ফোন ক'লক সহজভাৱে লোৱা নাই ঠিকাদাৰ শৰ্মাই ।
এই সন্দৰ্ভত তেওঁ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ দিলীপ শইকীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈকো প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ । বৰ্ত্তমান তেওঁ নিৰাপত্তাহীনতাত ভোগাৰ কথাও উল্লেখ কৰিছে । ভয়-ভাবুকি প্ৰদানক লৈ মন্ত্ৰী গৰকীৰ বিৰুদ্ধে আছে পূৰ্বেৰো বহু কেইটা অভিযোগ ।