ETV Bharat / state

কংগ্ৰেছৰ গেৰাণ্টি বিজেপিৰ দৰে নিৰ্বাচনী ঝুমলা নহয় - অসম

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্রী অশোক শ্বাৱানৰ সংবাদমেল। অসমত পাঁচ বছৰত ৩০ লাখ কৰ্মসংস্থাপন দিয়াৰ গেৰাণ্টি কংগ্ৰেছৰ। কংগ্ৰেছে কথা দিলে কথা ৰাখে। বিজেপিৰ দৰে ঝুমলাবাজি নকৰে।

কংগ্ৰেছৰ গেৰাণ্টি বিজেপিৰ দৰে নিৰ্বাচনী ঝুমলা নহয়

author img

By

Published : Mar 23, 2021, 10:46 PM IST

গুৱাহাটী,২৩ মাৰ্চঃ কংগ্ৰেছৰ চৰকাৰ হ'লে অসমত পাঁচ বছৰত পাঁচ লাখ চৰকাৰী আৰু ব্যক্তিগত খণ্ডত ২৫ লাখ চাকৰিসহ মুঠ ৩০ লাখ কৰ্মসংস্থাপন দিয়া হ'ব। এই গেৰাণ্টি মহাৰাষ্ট্ৰৰ প্ৰ‍াক্তন মুখ্যমন্ত্রী তথা বৰ্ত্তমানৰ গড়কাপ্তানি মন্ত্রী অশোক শ্বাৱানৰ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্রী শ্বাৱানে কয়-' কংগ্ৰেছে পাঁচটা গেৰাণ্টি এনেয়ে দিয়া নাই। সকলো হিচাপ-নিকাচ কৰি তথ্যৰ ভিত্তিত গেৰাণ্টি দিছে। বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিত ৰাইজ এতিয়া অতিষ্ঠ হৈছে। কংগ্ৰেছৰ ঘোষণাৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। আমাৰ গেৰাণ্টি বিজেপিৰ দৰে নিৰ্বাচনী ঝুমলা নহয়। ৰাজস্থান, মধ্য প্ৰদেশ আদিত আমি কথা মতে কাম কৰিছো। অসমত এইবাৰ আমাৰ চৰকাৰ হ'ব। ইতিমধ্যে আমি মুকলি কৰা আমাৰ ৱেবছাইটত চাকৰিৰ বাবে ১ লাখ ৪০ হাজাৰ যুৱক-যুৱতীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে। বিজেপিয়ে ২০১৬ ত বছৰি পাঁচ লাখকৈ পাঁচ বছৰত ২৫ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু পাঁচ বছৰত দিলে মাত্র ৮০ হাজাৰ চাকৰি। অৰ্থাৎ ৩ শতাংশ চাকৰি দিলে। আমি দায়িত্ব সহকাৰে পাঁচটা গেৰাণ্টি দিছো।' তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগত কয়-' বিজেপিৰ নীতি ভয়-ভাবুকি। আমাৰ চৰকাৰ থকা ৰাজ্যত আমি কোনো ভয়-ভাবুকি প্ৰদান কৰা নাই।

কংগ্ৰেছৰ গেৰাণ্টি বিজেপিৰ দৰে নিৰ্বাচনী ঝুমলা নহয়

সাম্প্ৰদায়িক বিভাজন অনাৰ বাবে বিজেপিয়ে 'কা' আনিছে। আমি কোনো কাৰণতে 'কা' প্ৰযোজ্য হ'বলৈ নিদিও। বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে। বিজেপি চৰকাৰৰ দিনত অসমৰ জিডিপি হ্ৰাস পালে । আমি আশাবাদী যে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব।' সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র গৌৰৱ বল্লভে কয়-' অসমৰ ৩৫ টা চৰকাৰী বিভাগত ৬০ হাজাৰ পদ খালী হৈ আছে। আনহাতে স্বাস্থ্য খণ্ডত ৪০ হাজাৰ, শিক্ষকৰ ৩৮ হাজাৰ, চিকিৎসকৰ ১৫ হাজৰ, আৰক্ষী বিভাগত ১৫ হাজাৰকে বিভিন্ন বিভাগত প্ৰায় ডেৰ লাখ চাকৰিৰ প্ৰয়োজনীয়তা আছে। এই পদ আৰু অভাৱ বিজেপি চৰকাৰে পূৰণ কৰিব পৰা নাই। আমি সকলো দিশ চালি-জাৰি চাই গেৰাণ্টি দিছো। বিজেপিয়ে আজি মুকলি কৰা 'ঝুমলা পত্র'ৰ দৰে নহয় আমাৰ গেৰাণ্টি। আমি চাকৰিকে ধৰি পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰাৰ সবিশেষ বিৱৰণি দিছো।' সংবাদমেলত কংগ্ৰেছৰ দুয়োজন নেতাই বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিৰ সংকল্প পত্রক নিৰ্বাচনী ঝুমলা আখ্যা দিয়ে।

লগতে পঢ়কঃ কাৰাগাৰৰ পৰা লিখা অখিল গগৈৰ এখন পত্ৰই জোকাৰিছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.