ETV Bharat / state

বিটি আৰৰ ছেমিফাইনেলত ফ্ল'প ৰিপুণ-আজমল যুটি - বড়োভূমিত দুয়োটা দলৰ শোচনীয় অৱস্থা

ৰাজ্যৰ অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰৰ পৰিষদীয় নিৰ্বাচনক ছেমিফাইনেল আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডি এফৰ সভাপতি বদৰুদ্দিন আজমলে । কংগ্ৰেছ আৰু এআইউডিএফে হাতত হাত ধৰি বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কিন্তু শনিবাৰৰ ফলাফলে দেখুৱাই দিলে বড়োভূমিত দুয়োটা দলৰ শোচনীয় অৱস্থা ।

বিটি আৰৰ চেমি ফাইনেলত ফ্ল'প ৰিপুণ-আজমল যুটি

author img

By

Published : Dec 12, 2020, 9:02 PM IST

গুৱাহাটী, ১২ ডিচেম্বৰ : একেখন হেলিকপ্টাৰত উঠি গৈ লগে ভাগে প্ৰচাৰ চলায়ো বিটিআৰৰ নিৰ্বাচনত কোনো সুফল দেখুৱাব নোৱাৰিলে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে । ৰাজ্যৰ অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰৰ পৰিষদীয় নিৰ্বাচনক ছেমিফাইনেল আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডি এফৰ সভাপতি বদৰুদ্দিন আজমলে । কংগ্ৰেছ আৰু এআইউডিএফে হাতত হাত ধৰি বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কিন্তু শনিবাৰৰ ফলাফলে দেখুৱাই দিলে বড়োভূমিত দুয়োটা দলৰ শোচনীয় অৱস্থা । এখন-দুখন আসন লাভ কৰিয়েই সন্তুষ্ট থাকিব লগীয়া হ'ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ । প্ৰশ্ন উঠিছে- ছেমিফাইনেলতে যদি এই দুটা দলৰ এনে অৱস্থা, ফাইনেলত কি হ’ব ৷

বিটি আৰৰ চেমি ফাইনেলত ফ্ল'প ৰিপুণ-আজমল যুটি
বদৰুদ্দিন আজমল

কংগ্ৰেছ আৰু এআইইউডি এফৰ মিত্ৰতা আগন্তক বিধানসভা নিৰ্বাচনতো বাহাল থকাটো প্ৰায় নিশ্চিত । যদিওবা প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ইতিমধ্যে ঘোষণা কৰিছে যে এআইইউডি এফৰে মিত্ৰতা প্ৰসংগত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই । কিন্তু আজমলে বাৰম্বাৰ ঘোষণা কৰি আহিছে আগন্তক বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ সৈতে এআইইউডিএফৰ মিত্ৰতা অটুত থাকিব । তেন্তে ছেমিফাইনেলত ফ্ল'প হোৱা এই মিত্ৰজোটে ফাইনেলত কি ফলাফল দেখুৱাব সেয়াহে গুৰুত্বপূৰ্ণ হ’ব ।

ৰিপুণ বৰা

লগতে পঢ়কঃ CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.