আজাৰা, 4 মে' : আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৰাজ্যৰ শতাধিক গাহৰি ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পিছত অসমত দেখা দিয়া এই ৰোগৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ গাহৰি পালক সকল ৷
ইতিমধ্যে এই ৰোগৰ নিৰাময়ৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ গাহৰি ফাৰ্ম সমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যৰ বহু জিলাত সাময়িকভাবে স্থগিত ৰখা হৈছে গাহৰি মাংস বিক্ৰী ৷
সোমবাৰে গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী এলেকা ৰাণীস্থিত পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ তথা আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাই ৷ মন্ত্ৰী দুগৰাকীয়ে ফাৰ্মখনত থকা গাহৰি আৰু পশুধন সমূহ চোৱা-চিতা কৰাৰ লগতে ফাৰ্মখনৰ পৰিস্থিতিৰ বুজ লয় ৷
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী অতুল বৰাক লগত লৈ প্ৰতিষ্ঠানটোৰ প্ৰেক্ষাগৃহত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে এই সম্পৰ্কত এক আলোচনাত মিলিত হয় । এই আলোচনাত ফাৰ্ম প্ৰতিষ্ঠানখনৰ সঞ্চালক নিত্যানন্দ মহন্ত , ফাৰ্ম খনৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল ভৰদ্বাজে ফাৰ্ম খনৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীগৰাকীক অৱগত কৰে ।
উল্লেখযোগ্য যে, ইতিমধ্যে ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত প্ৰায় 2600 টা গাহৰিৰ মৃত্যু হৈছে ।
লগতে পঢ়ক : বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ