ETV Bharat / state

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - গুৱাহাটী

বৃহস্পতিবাৰে বিজেপি অসম প্রদেশৰ নির্বাচনী কার্যালয়ত অনুষ্ঠিত হয় পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথি ৷ পূণ্য তিথি উপলক্ষে অনুষ্ঠিত হোৱা সমর্পণ দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্রদ্ধাঞ্জলি জনাই পণ্ডিতগৰাকীৰ আদর্শেৰে উদ্বুদ্ধ হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত প্রতিগৰাকী নাগৰিকক কাম কৰি যাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

cm sarbananda sonowal
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Feb 11, 2021, 10:10 PM IST

গুৱাহাটী,11 ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত বিজেপি অসম প্রদেশৰ নির্বাচনী কার্যালয়ত বৃহস্পতিবাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথি উপলক্ষে অনুষ্ঠিত হোৱা সমর্পণ দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানত উপস্থিত থাকি পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্রদ্ধাঞ্জলি অর্পণ কৰি পণ্ডিতগৰাকীৰ আদর্শেৰে উদ্বুদ্ধ হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত প্রতিগৰাকী নাগৰিকক কাম কৰি যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাষণ প্রসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘ভাৰতীয় জনতা পার্টিয়ে মূল্যবোধৰ আধাৰত ৰাষ্ট্রভক্তি প্রদর্শন কৰি ৰাষ্ট্র সেৱাত আত্মনিয়োগৰ বাবে সকলা সময়তে উদগনি দি আহিছে ৷ এনে এখন মঞ্চ লাভ কৰি নিজকে সৌভাগ্য মানিছো । বিজেপিয়ে প্রতিষ্ঠা কালৰে পৰাই সমাজৰ শেষৰ গৰাকী ব্যক্তিলৈকে সকলোকে একাকাৰ কৰি আন্তৰিকতকাৰে আঁকোৱালি লোৱাৰ মানৱীয় প্রৱণতা প্রদর্শন কৰি আহিছে’’ ।

লগতে তেওঁ কয় যে, ‘‘ভাৰতীয় জনতা পাৰ্টিৰ উপৰিপুৰুষসকলে প্রতিষ্ঠা কৰা এনে নীতি আৰু আদৰ্শৰ আধাৰতেই ভাৰতবৰ্ষই বিশ্বৰ মানচিত্রত এক নতুন ৰূপত আত্মপ্রকাশ কৰিছে । অৰুণাচলৰ পৰা গুজৰাটলৈকে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে বিশাল ভাৰতীয় উপ-মহাদেশত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আন্তৰিকতা গঢ়ি তুলিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে লক্ষ্য নির্ধাৰণ কৰিছে ৷ এই লক্ষ্যত উপনীত হ’বলৈ সকলোৱে সহায় সহযোগিতা কৰা উচিত’’ ৷

অনুষ্ঠানত মুখ্যমন্ত্ৰীসহ উপস্থিত তাকে উত্তৰ-পূৱৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱাল, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, উপ-সভাপতি জয়ন্ত দাস, অসম চৰকাৰৰ মন্ত্রী ভৱেশ কলিতা, পূব গুৱাহাটীৰ বিধায়ক তথা গুৱাহাটীৰ উন্নয়ন মন্ত্রী সিদ্ধার্থ ভট্টাচার্যকে ধৰি ৰাজ্যিক বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা ৷

লগতে পঢ়ক : কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপিয়ে নিৰ্বাচন খেলিব: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.