কামৰূপ, 25 ফেব্ৰুৱাৰী: শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ কলাক্ষেত্ৰ । গায়ন বায়নৰ নৃত্য গীত তথা সত্ৰীয়া পৰম্পৰাৰ মাজত কলাক্ষেত্ৰ খন মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
কলাক্ষেত্ৰ খন মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, নৱপ্ৰজন্মক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত শক্তিশালী কৰিব পাৰিলেহে এখন সুন্দৰ সমাজ গঢ়ব পৰা যাব ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ লগতে আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী উপস্থিত থাকে ৷
উল্লেখ্যে যে, কলাক্ষেত্ৰ খনৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে ৫০ লাখ টকাৰ অনুদান ।কলাক্ষেত্ৰ খনত প্ৰায় ১০০০ দৰ্শক বহিব পৰা এটা গেলেৰী নিৰ্মাণ কৰা হৈছে । ইফালে, শুকুৰবাৰে কলাক্ষেত্ৰ খনৰ আনুষ্ঠানিক মুকলিৰ লগত সংগতি ৰাখি সত্ৰ প্ৰাংগত এটা গ্ৰন্থ সংগ্ৰহালয়ো মুকলি কৰা হয় ।
লগতে পঢ়ক: তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন