ETV Bharat / state

গুৱাহাটী ৰে’ল ষ্টেচনত ফাইলৰ পৰা কি ওলাল ! - canabees

গুৱাহাটী ৰে’ল ষ্টেচনত ৰাজস্থানৰ দুগৰাকী ব্যক্তিৰ কৱলৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে দুটা ফাইল ৷ ফাইল দুটাৰ ভিতৰত নাই কোনোধৰণৰ নথি-পত্ৰ । ইয়াৰ পৰিৱৰ্তে ফাইল দুটাৰ ভিতৰত ওলায় লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী ।

গুৱাহাটী ৰে‘ল ষ্টেচন
কানি জব্দ
author img

By

Published : Jan 8, 2020, 11:30 PM IST

গুৱাহাটী,8 জানুৱাৰীঃ গুৱাহাটী ৰে’ল ষ্টেচনত চৰকাৰী ৰে’ল আৰক্ষীয়ে বুধবাৰে জব্দ কৰে দুটা বিশেষ ফাইল । ৰাজস্থানৰ দুগৰাকী ব্যক্তিৰ কৱলৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে এই ফাইল দুটা ৷ ফাইল দুটাৰ ভিতৰত নাই কোনোধৰণৰ নথি-পত্ৰ । ইয়াৰ পৰিৱৰ্তে ফাইল দুটাৰ ভিতৰত ওলায় লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী । চৰকাৰী ৰে’ল আৰক্ষী আৰু সেনাৰ জোৱানে ব্ৰহ্মপুত্ৰ মেইলত এক তালাচী চলাই জব্দ কৰে এই বিশেষ ফাইল দুটা ।

কানি জব্দ

ৰাজস্থানৰ মণিপাল আৰু ৰোহিতাস কুমাৰ জাট নামৰ ব্যক্তি দুজনে নাগালেণ্ডৰ পৰা দিল্লীলৈ নিচাযুক্ত দ্ৰব্যখিনি নিয়াৰ পথত ধৰা পৰে গুৱাহাটী ৰে’ল আৰক্ষীৰ হাতত । আৰক্ষীয়ে জব্দ কৰা ফাইল দুটাৰ পৰা বাহিৰ হয় 4 কেজি কানি ৷ জব্দ কানিখিনিৰ বজাৰ মূল্য প্ৰায় ১৮ লাখ টকা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,নতুন বছৰৰ আৰম্ভণিতে চৰকাৰী ৰে’ল আৰক্ষীয়ে কেইবালক্ষাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷ কানি সৰবৰাহকাৰী ব্যক্তি দুজনক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে ।

লগতে চাওকঃৰঙিয়াত সাপ্তাহিক মহিলা বজাৰ উদ্বোধন

Intro:গুৱাহাটী ৰে'ল ষ্টেচনত চৰকাৰী ৰে'ল আৰক্ষীয়ে জব্দ কৰিলে দুখন বিশেষ ফাইল। ৰাজস্থানৰ দুজন ব্যক্তিৰ কবলৰ পৰা ৰে'ল আৰক্ষীয়ে জব্দ কৰিলে এই ফাইল দুখন। এই বিশেষ ফাইল দুখনৰ ভিতৰৰ সামগ্ৰী প্ৰত্যক্ষ কৰি আপোনাৰ চকু কপালত উঠিব। কি আছে ফাইলৰ ভিতৰত জানিবলৈ চাওঁক আমাৰ এই প্ৰতিবেদন।

Body:গুৱাহাটী ৰে'ল ষ্টেচনৰ চৰকাৰী ৰে'ল আৰক্ষীৰ হাতত দুখন বিশেষ ফাইল। ফাইল দুখনৰ ভিতৰত নাই কোনো ধৰণৰ নথি-পত্ৰ। নথি-পত্ৰৰ পৰিবৰ্তে ফাইল দুখনৰ ভিতৰৰ পৰা ওলাল লক্ষাধিক টকা মূল্যৰ সামগ্ৰী। বুধবাৰে গুৱাহাটী ৰে'ল ষ্টেচনৰ চৰকাৰী ৰে'ল আৰক্ষী আৰু সেনাৰ জোৱানে ব্ৰহ্মপুত্ৰৰ মেইলত এক তালাচি অভিযান চলাই জব্দ কৰে এই দুখন বিশেষ ফাইল। ৰাজস্থানৰ মণিপাল আৰু ৰোহিতাস কুমাৰ জট নামৰ দুজন ব্যক্তিয়ে নাগালেণ্ডৰ পৰা দিল্লীলৈ নিয়াৰ পথত ধৰা পৰিল ৰে'ল আৰক্ষীৰ হাতত। আৰক্ষীয়ে ফাইল দুখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে চাৰি কেজি ওজনৰ কাণী। জব্দ কাণী খিনিৰ বজাৰ মূল্য প্ৰায় ১৮ লাখ টকা বুলি জানিব পৰা গৈছে। নিচাজাতীয় সামগ্ৰীৰ লগতে বিভিন্ন অবৈধ সামগ্ৰী সৰ্বৰাহৰ লগত জড়িত ব্যক্তি সকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰা দেখিবলৈ পোৱা যায়।

বাইট : চৰকাৰী ৰে'ল আৰক্ষী বিষয়া

উল্লেখ্য যে নতুন বছৰৰ প্ৰথমটো মাহৰ প্ৰথম সপ্তাহত চৰকাৰী ৰেল আৰক্ষীয়ে কেইবা লক্ষাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে। বৰ্তমান কাণী সৰ্বৰাহকাৰী ব্যক্তি দুজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যহত ৰাখিছে।

Conclusion:মম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.