ETV Bharat / state

Lessons based on Bhupen Hazarika : ভূপেন হাজৰিকাৰ জীৱনভিত্তিক পাঠ সংযোগৰ আহ্বান

author img

By

Published : Mar 24, 2023, 10:41 PM IST

স্নাতক পাঠ্যক্ৰমত ড০ ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পিক জীৱন ভিত্তিক পাঠ সংযোজন কৰিবলৈ উপাচাৰ্য আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ই (Lessons based on Bhupen Hazarika) ৷

Lessons based on Bhupen Hazarika
ভূপেন হাজৰিকাৰ জীৱনী ভিত্তিক পাঠ সংযোগৰ আহ্বান

তেজপুৰ, ২৪ মাৰ্চ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তিসকলৰ ভিতৰত অন্যতম ড০ ভূপেন হাজৰিকা । হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাছিল, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লভিছিল ভাৰত ৰত্ন গৰাকীৰ শৈল্পিক প্ৰতিভাই । অসমৰ শৈক্ষিক ক্ষেত্ৰৰ অন্যতম এক প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ " জিলিকাব লুইতৰে পাৰ " শীৰ্ষক গীতটি অতি অৰ্থৱহভাৱে ‍ৰচনা আৰু সুৰৰে সজাই বিশ্ববিদ্যালয়খনিৰ নামত অৰ্পণ কৰিছিল ভাৰত ৰত্নগৰাকীয়ে (Guwahati university)৷

অসমৰ সংগীত জগতৰ পিতৃ পুৰুষগৰাকীৰ গীতি সাহিত্য আৰু শৈল্পিক জীৱনৰ ভিত্তিত এটি পাঠ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত আজি পৰ্যন্ত সংযোজিত নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অধ্যক্ষ নিশান্ত থৰ্ডে । সংস্থাৰ ৰাজ্যিক জনসম্পৰ্কৰক্ষী বিষয়া মৃন্ময় কুমাৰ নাথে প্ৰেৰণ কৰা এক বিবৃতিত সংস্থাটোৱে বিশ্ব বৰেণ্যে শিল্পীগৰাকীৰ সাংগীতিক কৰ্মৰাজি আৰু সাহিত্যৰ সৃষ্টি সমূহক সামৰি অতি কমেও এটি পাঠ স্নাতক কলা শাখাৰ পাঠ্যক্ৰমত সংযোগ ঘটাবলৈ অনুৰোধ জনায় (Biography based lessons on Bhupen Hazarika ibn BA ) ৷

ইয়াৰোপৰি, ভূপেন হাজৰিকাৰ কৰ্মৰাজি আৰু শৈল্পিক জীৱন স্নাতক কলা শাখাৰ পাঠ্যক্ৰমত সংযোগৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়াকৈ সংস্থাৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি সংস্থাটোৱে জানিবলৈ দিয়ে । বিষয়টি সন্দৰ্ভত তাৎক্ষণিক সঁহাৰি বিচাৰি পত্ৰখনিৰ প্ৰতিলিপি বিশ্ববিদ্যালয় খনিৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈও প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ই (Governor of Assam Gulab Chand Kataria)।

লগতে পঢ়ক : Ghulam Nabi Azad autobiography: ৰাহুল গান্ধীৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই ?

আগন্তুক শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ লোৱাৰ ক্ষেত্ৰত অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ আৰু অসম কলেজ শিক্ষক সন্থাৰ মজিয়াত বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনাইছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অধ্যক্ষ নিশান্ত থৰ্ডে (Lessons based on Bhupen Hazarika) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.