ETV Bharat / state

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ ব্যৱসায়ী - ulfa

নিজৰেই পৰিয়ালৰ পৰা 50 লাখ টকা দাবী কৰিছিল ৰাজস্থানৰ কিষান মাহাতো নামৰ ব্যৱসায়ীজনে ৷

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ ব্যৱসায়ী
author img

By

Published : May 22, 2019, 11:43 AM IST

গুৱাহাটী, 22 মে': আলফাৰ নামত বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ ধন দাবী। ৰাজস্থানৰ নিজ বাসভৱনলৈ ফোনযোগে আলফাই অপহৰণ কৰা বুলি জনাই মুক্তিপণৰ বাবদ ৫০ লাখ টকা বিচাৰিলে খোদ ব্যৱসায়ীজনে ৷ বৰ্তমানে বশিষ্ঠ আৰক্ষীৰ জালত ব্যৱসায়ীজনৰ লগতে তেওঁৰ দুই সতীৰ্থ ৷

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ ব্যৱসায়ী

বুধবাৰে পুৱতি নিশা ৰাজস্থানৰ বিকানেৰৰ নিজ বাসভৱনলৈ আলফাৰ নাম লৈ ফোনযোগে ধন বিচাৰে কিসান মাহাতো নামৰ কয়লা ব্যৱসায়ীজনে ৷ আলফাই কিষানক অপহৰণ কৰা বুলি জনায় মুক্তিৰ বাবদ পৰিয়ালৰ পৰা 50 লাখ টকা বিচাৰে ব্যৱসায়ীজনে ৷ এই ঘটনাৰ পাচতে পৰিয়ালৰ লোকে বুধবাৰে পুৱতি নিশাই অৱগত কৰে বশিষ্ঠ আৰক্ষীক ৷ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ অভিযানত পোহৰলৈ আহে সমগ্ৰ তথ্য ৷ আৰক্ষীয়ে মহানগৰীৰ গেমছ ভিলেজৰ পৰা উদ্ধাৰ কৰে ব্যৱসায়ীজনক ৷ কিন্ত কি কাৰণত আলফাৰ নাম লৈ নিজৰেই পৰিয়ালৰ পৰা ব্যৱসায়ীজনে ধন দাবী কৰিছিল সেই কথা এতিয়াও জানিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ ইতিমধ্যে আৰক্ষীৰ লগত ল'ৰা-ধেমালি কৰাৰ অভিযোগত ব্যৱসায়ীজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে ৷ অন্যহাতে এই ঘটনাৰ লগত হাৰিয়ানাৰ ৰোহিত সিংহাল আৰু বিশ্বজিত ডেকাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

A_GHY_802_22MAY_BASISTHA_ULFA_CASE_NEWS_VISUAL_BYTE_ASRAT

Slug:BASISTHA ULFA CASE.

আলফাৰ নামত বহি ৰাজ্যৰ ব্যবস্যায়ীৰ ধন দাবী । প্ৰথমে সুৰাৰ পাৰ্টি আৰু তাৰে পিছতে কয়লা ব্যৱসায়ীৰ ৰাজস্থানৰ ঘৰলৈ ফোনযোগে অপহৰণৰ কৰা বুলি জনাই আলফাৰ নামত মুক্তিপন ৰ বাবদ ৫০ লাখ বিচাৰি বশিষ্ঠ আৰক্ষীৰ জালত স্বয়ং অপহৰণ হোৱা ব্যৱসায়ী সহ আন দুই সতীৰ্থ। ইফালে এই অপহৰণ ৰ খবৰ পাই নিদ্ৰাহৰণ হোৱা আৰক্ষীয়ে পুৱতি নিশা অপহৰণ হোৱা বুলি খবৰ অহা ৰাজস্থান বিকেনাৰৰ কয়লা ব্যৱসায়ী জয় কিসান মাহতোক তেওঁ বাস কৰা গেম ভিলেজৰ কোঠাৰ পৰা উদ্ধাৰ কৰে। কিন্তু কোনেও অপহৰণ নকৰাতে কিয় নিজৰ ফোনেৰে ৰাজস্থানৰ আত্মীয়ক কিয় আলফাই অপহৰণ কৰা বুলি ফোনযোগে ৫০ লাখ টকাৰ মুক্তিপন বিচাৰিছিল। তাৰ প্ৰকৃত তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষী প্ৰশাসনৰ লগত লৰা ধেমালি কৰা বাবে নিজা ববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। অন্যহাতে এই ঘটনাৰ লগত হাৰিয়ানাৰ ৰোহিত সিংহাল আৰু বিশ্বজিত ডেকাক চানমাৰি গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ লগত এনেদৰে লৰাধেমালি কৰা কাৰ্যক সহজ ভাবে লব পৰা নাই আৰক্ষী তথা  সাধৰন জনতাই ।গোচৰ নং ৮১৭/১৯ ১২০ বি  388/211 ipc

Byte 

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.