ETV Bharat / state

হোটেল লিলিৰ পৰা শ্বিলং পালেগৈ বি টি আৰৰ ৰাজনীতি - বি টি আৰৰ ৰাজনীতি

সম্প্ৰতি শ্বিলঙৰ অসম ভৱনৰ পৰাই পৰিচালিত হৈছে বড়োভূমিৰ ৰাজনীতি । শেহতীয়াকৈ হোটেল লিলিৰ পৰা ২৪ গৰাকী নিৰ্বাচিত পাৰিষদক স্থানান্তৰ কৰা হৈছে শ্বিলঙলৈ ।

হোটেল লিলিৰ পৰা শ্বিলঙলৈ স্থানান্তৰ বি টি আহোটেল লিলিৰ পৰা শ্বিলঙলৈ স্থানান্তৰ বি টি আৰৰ ৰাজনীতিৰৰ ৰাজনীতি
হোটেল লিলিৰ পৰা শ্বিলঙলৈ স্থানান্তৰ বি টি আৰৰ ৰাজনীতি
author img

By

Published : Dec 21, 2020, 5:31 PM IST

গুৱাহাটী, ২১ ডিচেম্বৰ : নিতৌ সলনি হৈছে বড়োভূমিৰ ৰাজনীতি । বি টি আৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচৰে পৰাই ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ ৰাজনীতি পৰিচালিত হৈ আহিছিল গুৱাহাটীৰ হোটেল লিলিৰ পৰা । হাগ্ৰামা মহিলাৰী আৰু বি পি এফৰ ভয়ত ফলাফল ঘোষণাৰ পাচৰে পৰাই তিনিওটা মিত্ৰদলৰ নিৰ্বাচিত পাৰিষদ সকলক আৱদ্ধ কৰি ৰখা হৈছিল হোটেল লিলিত ।

আনকি বি পি এফ বা হাগ্ৰামা মহিলাৰীয়ে প্ৰভাৱাম্বিত কৰাৰ আশংকাত সেই সকল পাৰিষদক পৰিয়ালৰ সদস্যক সাক্ষাৎ পৰ্যন্ত কৰিবলৈ দিয়া হোৱা নাছিল ।শেহতীয়াকৈ হোটেল লিলিৰ পৰা ২৪ গৰাকী নিৰ্বাচিত পাৰিষদক স্থানান্তৰ কৰা হৈছে শ্বিলঙলৈ । সম্প্ৰতি শ্বিলঙৰ অসম ভৱনৰ পৰাই পৰিচালিত হৈছে বড়োভূমিৰ ৰাজনীতি । সকলো পাৰিষদকে আৱদ্ধ কৰি ৰখা হৈছে শ্বিলঙৰ অসম ভৱনত । অসমৰ ৰাজনীতিত পূৰ্বতে এনেদৰে কোনো নিৰ্বাচিত প্ৰতিনিধিক একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত দীৰ্ঘসময়জুৰি আৱদ্ধ কৰি ৰখাৰ নজিৰ নাই ।

লগতে পঢ়ক: কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্তিৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.