ETV Bharat / state

কেন্দ্ৰীয় বাজেটক লৈ বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ সংবাদমেল

কেন্দ্ৰীয় বাজেট ২০২০-২১ ক লৈ ভাৰতীয় জনতা পাৰ্টিৰ সংবাদমেল ৷

author img

By

Published : Mar 8, 2020, 8:39 PM IST

বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ সংবাদমেল

গুৱাহাটী, 8 মাৰ্চঃ দেওবাৰে গুৱাহাটীৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে এখন সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলত কেন্দ্ৰীয় বাজেট ২০২০-২১ক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন জিলাতে বাজেট সম্পৰ্কে কৰ্মশালা আয়োজনৰ কথা ঘোষণা কৰে । ইয়াৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰতিনিধি বৰ্গৰ সৈতে গুৱাহাটীৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত কৰ্মশালাৰ আয়োজন কৰে ।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ সংবাদমেল

উক্ত সভাত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰবক্তা গোপাল কৃষ্ণ আগৰৱালে এই বাজেট খন বিকাশমূখী, জনকল‍্যাণমূখী আৰু কৃষকমূখী বুলি মন্তব্য কৰে । সেয়ে এই বাজেটখনৰ সুবিধাসমূহৰ বিষয়ে জনসাধাৰণক জনোৱাৰ উদ্দেশ্যে কৰ্মশালাৰ ব্যৱস্থা কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে ৷ কৰ্মশালাৰ জৰিয়তে বাজেটখনৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে এই বাজেটখনে কিদৰে ৰাইজক উপকৃত কৰিব সেই বিষয়েও জনোৱা হ'ব ৷

উক্ত সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে বাজেটখনৰ তিনিটা ভাগ মহত্বকাংশী ভাৰত, আৰ্থিক বিকাশ আৰু FTAৰ বিষয়ে উল্লেখ কৰে ৷ উল্লেখ‍্য যে বৰ্তমানলৈকে বাজেটক লৈ সজাগতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১৩ খন, বিত্ত মন্ত্ৰী নিৰ্মলা সীতা ৰমণে ১০খন আৰু বিজেপি পাৰ্টিয়ে ১১খন সভা কৰিছে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.