গুৱাহাটী,৫ মে': ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহক ভংগ কৰা হৈছে । সংখ্যালঘু এলেকাত বিজেপিয়ে কম ভোট লাভ কৰাৰ বাবেই সংখ্যালঘু মৰ্চা ভংগ কৰি দিয়া হয় । এই সন্দৰ্ভত বুধবাৰে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰায়ে এখন জাননী জাৰি কৰিছে ।
জাননীত উল্লেখ কৰা অনুসৰি, সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিয়ে নিম্নস্তৰৰ প্ৰদৰ্শন কৰিছে । উক্ত অঞ্চলসমূহত থকা দলৰ ২০ জনীয়া বুথ সমিতিতকৈ কম ভোট লাভ কৰা প্ৰত্যক্ষ কৰা হৈছে ।

সেয়েহে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহক ভংগ কৰি দিছে বুলি জাননীখনত উল্লেখ কৰা হৈছে । উল্লেখ্য যে, 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস' ৰ কথা কোৱা বিজেপিৰ এই জাননীয়ে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: ধিঙত পথৰ দাঁতিত বাগৰিল ট্ৰেভেৰা, ৬ জন আহত