গুৱাহাটী,২৬ মে': প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়বাবৰ পৰা কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে পদত্যাগ কৰা বুলি চলা প্ৰচাৰ অসত্য বুলি পোনচাতেই নাকচ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি ভূপেন কুমাৰ বৰাই কয় যে এই বাতৰি সম্পূৰ্ণ এক অপপ্ৰচাৰ, মিছা আৰু ভিত্তিহীন । উল্লেখ্য যে জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্রী তথা বিধায়ক ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰাৰ এটা খবৰে আজি কংগ্ৰেছৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ।
খবৰ অনুসৰি কংগ্রেছৰ গৃহ কন্দলে ভয়ানক ৰূপ লোৱাৰ পৰিণাম স্বৰূপে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰিছে ৰকিবুল হুছেইনে । তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ পদত্যাগ পত্র প্রেৰণ কৰাৰো খবৰ ওলাইছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰে সংঘাতৰ বাবেই ৰকিবুল হুছেইনে পদত্যাগ কৰিলে বুলিও খবৰ ওলাইছে ।
ভূপেন বৰাই ৰকিবুল হুছেইনক প্ৰদেশ কংগ্ৰেছৰ সদস্য হিচাপে মনোনীত কৰিছিল । এই খবৰৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
লগতে পঢ়ক: ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল