ETV Bharat / state

Bank employees protest in Assam: গুৱাহাটীত অচল বেংক সেৱা

author img

By

Published : Dec 16, 2021, 9:52 PM IST

বৃহস্পতিবাৰৰ পৰা দুদিনৰ বাবে অচল বেংক । গুৱাহাটীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূব মণ্ডলৰ স্থানীয় প্ৰধান কাৰ্যালয়ৰ সন্মুখত বেংকৰ বিষয়া-কৰ্মচাৰীসকলৰ বিক্ষোভ প্ৰদৰ্শন (Bank Employees Strike)৷

Bank employees protest in Assam
বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, ১৬ ডিচেম্বৰ : ৰাজহুৱা খণ্ডৰ বেংকৰ বেচৰকাৰীকৰণ(Privatization of Public Sector Banks), বেংকিং আইন (সংশোধনী) বিল ২০২১(Banking Laws Amendment Bill, 2021) বিৰোধিতাত আৰু ৰাজহুৱা খণ্ডৰ বেংক শক্তিশালীকৰণৰ দাবীত বেংক বিষয়া আৰু কৰ্মচাৰীয়ে বৃহস্পতিবাৰৰ পৰা দুদিনীকৈ সমগ্ৰ দেশজুৰি ধর্মঘট পালন কৰিছে । সমগ্ৰ দেশৰ লগতে অসমতো এই ধৰ্মঘটৰ প্ৰভাৱ পৰিছে । জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নে অসমে এই ধর্মঘটলৈ পূর্ণ সমর্থন আগবঢ়াইছে । যাৰ বাবে বৃহস্পতিবাৰে অচল হৈ পৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বেংক বিষয়া-কৰ্মচাৰীসকলে ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূব মণ্ডলৰ স্থানীয় প্ৰধান কাৰ্যালয়ৰ সন্মুখত বেংকৰ বিষয়া-কৰ্মচাৰীসকলে বিক্ষোভ প্ৰদৰ্শন(Bank Employees Strike) কৰে । প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী চৰকাৰৰ বেংক ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধীতা কৰি বেংকিং আইন (সংশোধনী) বিল ২০২১ বিৰোধিতা কৰে । তেওঁলোকে মোডী চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

প্ৰতিবাদকাৰীসকলে কয় যে ৰাজহুৱা খণ্ডৰ বেংকসমূহ হ'ল দেশৰ অৰ্থনীতিৰ জীৱন ৰেখা । ৰাজহুৱা খণ্ডৰ বেংক শিল্পই দেশৰ অর্থনৈতিক বিকাশত অভূতপূৰ্ব অৰিহনা আগবঢ়াই আহিছে । বেংক সেৱা দেশৰ প্ৰত্যন্ত অঞ্চললৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকৰ সাফল্য অতুলনীয় । ১৯৬৯ চনত আৰু তাৰ পৰৱৰ্তী সময়ত ১৯৮০ চনত বেংক ৰাষ্ট্ৰীয়কৰণৰ পিছত বেংক সেৱা দেশৰ প্ৰতিটো অঞ্চললৈ সম্প্ৰসাৰিত হয় ।

প্ৰতিবাদকাৰীসকলে লগতে কয় যে, ১৯৬৯ চনৰ মাত্ৰ ৮০০০টা বেংক শাখাৰ পৰা আজি এই সংখ্যা ১,১৮,০০০ লৈ বৃদ্ধি হৈছে । প্ৰতিবাদকাৰীসকলে কাৰ স্বাৰ্থত ৰাজহুৱা খণ্ডৰ বেংকসমূহ বেচৰকাৰীকৰণ কৰিব বিচৰা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে । শুকুৰবাৰেও অব্যাহত থাকিব বেংকৰ বিষয়া-কৰ্মচাৰীসকলৰ বেংক ধৰ্মঘট ।

লগতে পঢ়ক : Bank employees protest in Assam : গোৱালপাৰাত অচল বেংকৰ কাম কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.