গুৱাহাটী, ১০ মাৰ্চ : নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখনত বিৰোধীয়ে আগবঢ়াব প্ৰাৰ্থী (Assam Rajya Sabha Polls) । পিছে প্ৰাৰ্থীজন হ’ব কোন দলৰ ? কংগ্ৰেছৰ নে এ আই ইউ ডি এফৰ ? এই প্ৰশ্নৰ উত্তৰ এতিয়াও ওলোৱা নাই ।
কংগ্ৰেছে বিচাৰিছে প্ৰধান বিৰোধী দল হিচাপে প্ৰাৰ্থীজন তেওঁলোকৰ হওক আৰু এ আই ইউ ডি এফে বিচাৰিছে প্ৰাৰ্থীজন তেওঁলোকৰ দলৰ হওক । এই জটিল প্ৰশ্নৰ সমাধানসূত্ৰ বিচাৰি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ ওলাইছে দিল্লীলৈ (AIUDF to reach out to Sonia Gandhi) । কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি তেওঁলোকৰ মনৰ কথা ক’বলৈ ।
এ আই ইউ ডি এফৰ বিধায়ক তথা দলটোৰ অন্যতম সাধাৰণ সম্পাদক আমিনুল ইছলামে (কনিষ্ঠ) বৃহস্পতিবাৰে ই টিভি ভাৰতত উল্লেখ কৰা অনুসৰি, "ইতিমধ্যে আমাৰ দলৰ ক'ৰ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হৈ গৈছে ৷ সেই বৈঠকত সিদ্ধান্ত হৈছে যে, যোৱা সময়চোৱাত ৰাজ্যসভাৰ নিৰ্বাচনসমূহত কংগ্ৰেছে আগবঢ়োৱা প্ৰাৰ্থীৰ প্ৰতি আমাৰ দলে সমৰ্থন আগবঢ়াই আহিছিল ।
গতিকে এইবাৰৰ নিৰ্বাচনত প্ৰাৰ্থীজন আমাৰ হোৱাটো বিচাৰিছো আৰু কংগ্ৰেছে এইক্ষেত্ৰত সমৰ্থন আগবঢ়োৱাটো আমি কামনা কৰিছো । সেয়েহে ক'ৰ কমিটিৰ সিদ্ধান্ত মৰ্মে ১২ মাৰ্চত আমাৰ দলৰ তিনিজনীয়া এটা প্ৰতিনিধি দল ক্ৰমে সভাপতি বদৰুদ্দিন আজমল, বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু মই দিল্লীলৈ যাম আৰু কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ডঃ কে চি বেণুগোপালসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি আমি আমাৰ দাবীখিনি অৱগত কৰিম’’ ।
লগতে পঢ়ক : UP Assembly Election 2022 : কেইবাখনো জিলাত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা
ইপিনে, বিৰোধী শক্তিসমূহৰ সৈতে আলাপ আলোচনা কৰি ৰাজ্যসভাৰ আসনখনৰ বাবে এগৰাকী প্ৰাৰ্থী ঠিক কৰা বিষয়টো মীমাংসাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিশেষভাৱে দায়িত্ব ন্যস্ত কৰিছিল । বিৰোধী দলপতিগৰাকীয়ে ইতিমধ্যে বদৰুদ্দিন আজমলৰ সৈতেও আলোচনাত মিলিত হৈছে । বিৰোধী দলপতি গৰাকীৰ নেতৃত্বত গঠন কৰি দিয়া এই সমিতিখনৰ বাকী তিনিগৰাকী সদস্য হ'ল ৰাণা গোস্বামী, ৰকিবুল হুছেইন আৰু জাকিৰ হুছেইন ছিকদাৰ ।
অৱশ্যে বিষয়টো এই সময়লৈকে বিশেষ আগবঢ়া নাই বুলি আজি জানিবলৈ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । এই প্ৰসংগত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকি বিৰোধী দলপতি গৰাকীয়ে আজি ই টিভি ভাৰতক ক'লে, "ইতিমধ্যে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতে আমি বিষয়টো আলোচনা কৰিছো । আশা ৰাখিছো নিশ্চয় ইয়াৰ এক সমাধানসূত্ৰ ওলাব’’ ।
কিন্তু মনকৰিবলগীয়া বিষয়টো হ'ল, বিৰোধীয়ে প্ৰাৰ্থী কোন হ’ব তাকে লৈ অৰিয়াঅৰি কৰি থাকিলেও বাৰম্বাৰ বিজেপিয়ে দাবী কৰি আহিছে যে, ৰাজ্যসভাৰ এখন নহয়, দুয়োখন আসনেই বিজেপিৰ দখললৈ আহিব । অথচ, সংখ্যাৰ ফালৰ পৰা এখন আসন বিৰোধীয়ে লাভ কৰাৰ সম্ভাৱনা আছিল । কিয়নো এখন আসনৰ বাবে প্ৰাৰ্থী জয়ী হ’ব পৰা জোখাৰে ৪২ গৰাকী বিধায়ক বিৰোধীৰ হাতত মজুত আছে ।
কিন্তু জটিলতাৰ সৃষ্টি হৈছে কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসক লৈহে । গতিকে বিৰোধীয়ে কুচকাৱাজ জোৰদাৰকৈ চলালেও এখন আসন নিজৰ হাতত ৰখাটো বৰ সহজসাধ্য নহ’ব ।
লগতে পঢ়ক : Majuli By Election Results : মাজুলীত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী ভূৱন গাম